অসম

মৎস্য চিকাৰত বাধা প্ৰদানঃ কাজিৰঙাত পথ অৱৰোধ….

asomiyapratidin

ডিজিটেল ডেস্কঃ উৰুকাৰ দিনটোতেই কাজিৰঙাত পথ অৱৰোধ কৰিলে একাংশ উত্তেজিত জনতাই। বিগত বছৰসমূহৰ দৰে এইবাৰে কাজিৰঙাত মাছ মৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনা। উল্লেখ্য যে উৰুকাৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৎস্য চিকাৰৰ এক পৰম্পৰা চলি আহিছে। সেই অনুসৰি কাজিৰঙাতো মাছ ধৰিবলৈ ওলাই আহিছিল স্থানীয় ৰাইজ। কিন্তু প্ৰশাসনে এই লোকসকলক মৎস্য চিকাৰত বাধা প্ৰদান কৰাত বাধা প্ৰদান কৰাৰ বাবেই উত্তেজিত জনতাই পথ অৱৰোধ কৰিছে।

জানিব পৰা মতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত নহৰুবস্তি, কাঞ্চনজুৰীত মৎস্য চিকাৰ কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ। কিন্তু আৰক্ষী আৰু বন বিভাগৰ লোকে স্থানীয় লোকক মৎস্য চিকাৰত বাধা প্ৰদান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

বন বিভাগৰ লগতে আৰক্ষীৰ বিৰুদ্ধে বিক্ষোদগাৰ প্ৰকাশ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া একাংশ বিলত মাঘৰ বিহুৰ উৰুকাৰ দিনা স্থানীয় লোকক মাছ মৰাৰ সুবিধা বন বিভাগে প্ৰদান কৰি আহিছিল ৷

কিন্তু শেহতীয়াকৈ কলিয়াবৰ, বোকাখাত মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি কৰি মৎস্য চিকাৰত বাধা প্ৰদান কৰিছে। সেয়েহ স্থানীয় লোকসকলে পথ অৱৰোধৰ দৰ কাৰ্যসূচী হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে।