অসম

কাজিৰঙাৰ গেলেকীত ভয়াৱহ পথ দুৰ্ঘটনাত আহত ছাত্ৰ নেতা জ্ঞানদীপ মুৰ্মূৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, বোকাখাতঃ দেওবাৰে কাজিৰঙাৰ গেলেকীত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক জ্ঞানদীপ মুৰ্মূৱে ৷ অহা মাৰ্চ মাহত গোলাঘাটৰ সৰুপথাৰত অনুষ্ঠিত হ'ব লগা চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বাৰ্ষিক অধিবেশনৰ কাম কৰি সতীৰ্থসহ ঘৰলৈ ঘূৰি অহাৰ পথত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ছাত্ৰ নেতা গৰাকীয়ে।

ছাত্ৰ নেতা গৰাকীৰ মৃত্যুত সমগ্ৰ বোকাখাত-কাজিৰঙা অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ জানিব পৰা মতে, দেওবাৰে নিশা জ্ঞানদীপ সতীৰ্থসহ বোকাখাতৰ পৰা কহঁৰাৰ নিজা বাসগৃহ অভিমুখে এন এন ০২চি ৩৫৭০ নম্বৰৰ মাৰুতি ৮০০ গাড়ীখনেৰে আহি কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত গেলেকীৰ এন আৰ এনাৰ্জী ষ্টেচন তেল ডিপুৰ সমীপত নামিবৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গাড়ীখন ৰাখোতেই বিপৰীত দিশৰ পৰা অহা চি আই এছ এফ ৰ জোৱান কঢ়িয়াই অনা এ এছ ০৩বি চি ৬৬২০ নম্বৰৰ এখন টাটা চুমুৱে প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷

দুৰ্ঘটনাৰ ফলত মাৰুতি ৮০০ খনত থকা কাজিৰঙাৰ জ্ঞানদীপ মুৰ্মূ (৩০), সাপজুৰিৰ মিন্টু হাচদা (৩১), সুৰজ বাস্কে (৩০) আৰু মেথনি চাহ বাগিছাৰ বৃকোদৰ কিস্কু (৩২) গুৰুতৰ ভাৱে আহত হয় ৷ ইফালে, চি আই এছ এফৰ জোৱান কঢ়িয়াই অনা চুমু গাড়ী খনত থকা চি আই এছ এফ ৰ সঞ্জীৱ মৰাং, আমান আৰু গাড়ী চালক জীতেন মালী কম-বেচি পৰিমাণে আহত হয় ৷

দুৰ্ঘটনাগ্ৰস্ত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি প্ৰথমে বোকাখাত চিকিৎসালয় আৰু নিশাই উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয় ৷ যোৰহাটত চিকিৎসকে জ্ঞানদীপক মৃত ঘোষণা কৰে ৷ বিপৰীতে আন আহত কেইজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ উল্লেখ্য যে, অতি অমায়িক স্বভাৱৰ জ্ঞানদীপ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ প্ৰাক্তন শিক্ষা ও সাহিত্য সম্পাদক ৷

দেওবাৰে মৰোণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে জ্ঞানদীপৰ নশ্বৰ দেহ যোৰহাটৰ পৰা বাসগৃহ অভিমুখে আনি থকা অৱস্থাতে ঠায়ে ঠায়ে ছাত্ৰ নেতা জনক বিভিন্ন সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
দেওবাৰে বিয়লি বোকাখাতৰ পৰিদৰ্শন বঙলা চৌহদত জ্ঞানদীপৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ লগে লগে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলিত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জগদীশ বৰাইক, সাংগঠনিক সম্পাদক অনিত গড়, গোলাঘাট জিলা আৰু বোকাখাত শাখাৰ বিষয়-ববীয়া উপস্থিত থাকে ৷

ইয়াৰ পাছতে বোকাখাতৰ সাপজুৰি চাওঁতাল ভৱনত ৰাজহুৱা শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷ সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি, গোলাঘাট জিলা সমিতি আৰু গোলাঘাট জিলাৰ আঞ্চলিক সমিতি সমূহ, আছা বোকাখাত আঞ্চলিক সমিতি, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ লগতে পাঁচ শতাধিক লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে সাপজুৰি চাওঁতাল ভৱনৰ পৰা জ্ঞানদীপৰ নশ্বৰ দেহ ৰেলী কৰি কাজিৰঙাৰ বগৰীজুৰিৰ নিজা বাসগৃহলৈ অনা হয় ৷ মৃত্যুৰ সময়ত জ্ঞানদীপে অন্তঃসত্বা পত্নীক এৰি থৈ গৈছে ৷

সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিন্টু হেমৰমে জ্ঞানদীপৰ মৃত্যু সমগ্ৰ অসমৰ চাওঁতাল সমাজৰ লগতে চাওঁতাল ছাত্ৰ সন্থাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। সাংগঠনিক কামৰ মাজতে দুৰ্ঘটনাত পতিতত হৈ অকাল মৃত্যুক সাৱটিব লগা হোৱা জ্ঞানদীপ মুৰ্মূক চাওঁতাল ছাত্ৰ সন্থাই শ্বহীদ ঘোষণা কৰিছে।