অসম

এইবাৰ কাজিৰঙাত উৰিব পূৰ্বতকৈ অধিক ক্ষমতা সম্পন্ন ড্ৰোন

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অপৰূপ সৌন্দৰ্যৰ বাবে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই ৰাষ্ট্ৰীয় উদ্যানখন। কিন্তু সততে এটা প্ৰশ্ন উদয় হয়- নিঃশেষ হ'ব নেকি কাজিৰঙাৰ এশিঙীয়া গঁড়?

পিছে এতিয়া গঁড়হত্যা ৰোধৰ বাবে তৎপৰ হৈছে বন বিভাগ। বিভিন্ন পদক্ষেপ লৈও সফল নোহোৱা বন বিভাগে এইবাৰ ব্যৱহাৰ কৰিব পূৰ্বতকৈ উচ্চ ক্ষমতাসম্পন্ন অধিক সংখ্যক ড্ৰোন কেমেৰা। বন বিষয়াসকলে খোজ কাঢ়ি নিৰীক্ষণ কৰিবলৈ সক্ষম নোহোৱা অৰণ্যৰ মাজৰ দৃশ্য সংগ্ৰহ কৰিব এই কেমেৰাই। আগন্তুক দুমাহত সম্পূৰ্ণ হ'ব এই ব্যৱস্থা।

২০০৩ চনতে চৰকাৰে এই ব্যৱস্থা আৰম্ভ কৰিব খুজিছিল যদিও কেন্দ্ৰ চৰকাৰে এইক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাছিল। যি তিনিটা ড্ৰোন পূৰ্বে ব্যৱহাৰ কৰা হৈছিল, সেই কেইটাৰো ক্ষমতা আছিল অতি নিম্ন। সেয়েহে পূৰ্বে ড্ৰোণ ব্যৱহাৰৰ পৰিকল্পনা সফল নৈ উঠা নাছিল।

নতুন ড্ৰোনসমূহে ৪-৫ ঘণ্টা ধৰি একেৰাহে আকাশত উৰি দৃশ্য সংগ্ৰহ কৰিব বুলি সদৰী কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। লগতে তেওঁ কয় যে, বন বিভাগৰ বিষয়াৰ সংখ্যা বৃদ্ধি কৰি চৰকাৰে অধিক তৎপৰতাৰে নিৰীক্ষণ কৰিব ৰাষ্ট্ৰীয় উদ্যানখন।

উল্লেখ্য যে, পূৰ্বেও তিনিটা ড্ৰোণ কেমেৰা আছিল যদিও মাত্ৰ ২৫ বা ৩০ মিনিটমান সময়হে কাৰ্যক্ষম আছিল কেমেৰাসমূহ। যাৰ বাবে চোৰাংচিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগ। বৰ্তমান অধিক ব্যয়বহুল ভাৱে নতুন ৰূপত চৰকাৰে আৰম্ভ কৰিবলৈ লৈছে এই ব্যৱস্থাৰ।

উল্লেখ্য যে, অন্তিম বাৰৰ বাবে গণনা কৰোতে ২৪১৩টা এশিঙীয়া গঁড় বনবিভাগে কাজিৰঙাত পাইছিল যদিও তাৰে ৫টা গঁড়ৰ ইতিমধ্যে মৃত্যু হৈছে বুলি সদৰী কৰিছে বন বিভাগে। বন বিভাগৰ এই পদক্ষেপ কিমান ফলপ্ৰসু হ'ব সেয়া সময়তহে জানিব পৰা যাব।