অসম

কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমত বৰ্তমান অব্যাহত আছে বানৰ তাণ্ডৱ। ৰাজ্যখনৰ প্ৰায় ৫০ লাখ লোকৰ মাজত এই বানৰ ফলত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীবোৰেও মৃত্যুক সাৱটিব লগা হৈছে এই বানৰ বাবেই।

কিন্তু তাৰমাজতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কাজিৰঙাৰ সমীপৰ হাৰমতিত বানৰ পৰা ৰক্ষা পাবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা বাঘ সোমাইগৈ এটা বাসগৃহত। ঘৰত কোনো নথকা সময়তে বাঘটোৱে বিচনাৰ ওপৰত শুই থকা পৰিলক্ষিত হয়।

বাঘটো পৰিলক্ষিত কৰাৰপাছত গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়ে। তাৰপাছত বন বিভাগৰ লোক উপস্থিত হয় উক্তস্থান। ইফালে, বাঘটোৰ ফটো ৱাইল্ড লাইফ ট্ৰাষ্ট ইণ্ডিয়াই ছ'চিয়েল মিডিয়াত শ্বেয়াৰকৰে। আৰু এই ফটো ভাইৰেল হৈ পৰে।

বন বিভাগৰ লোকেসংবাদমাধ্যমৰ আগত জনায় যে, বাঘটোক সুৰক্ষিতভাৱে ঘৰটোৰ পৰা ওলাবলৈ চেষ্টা চলাই থকাহৈছে। উল্লেখ্য যে, বানৰ ফলত বৰ্তমানলৈ মুঠ ২৭জন লোকৰ মৃত্যু হৈছে। ব্ৰহ্মপুত্ৰৰলগতে আনবোৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এনেদৰে বানৰ পৰা নিজক ৰক্ষা কৰিবলৈ বন্যপ্ৰাণীবোৰেওনিৰাপদ স্থান বিচৰাৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।