অসম

৪টা নতুন ৰেঞ্জসহ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল গঠন

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ সচিবে মঙলবাৰে জাৰি কৰা এক অধিসূচনাযোগে নগাঁও জিলাৰ হোজাইৰ বননীকৰণ সংমণ্ডলটো উঠাই দিয়াৰ লগতে কাজিৰঙা ষষ্ঠ সংযোজনৰ নৰ্দান ৰেঞ্জটো বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল উন্নীত কৰি নতুন চাৰিটা বন্যপ্ৰাণী ৰেঞ্জ গঠন কৰিছে।

এতিয়াৰপৰা বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত চাৰিটা আঞ্চলিক বন কাৰ্যালয় থাকিব। এই ৰেঞ্জ কেইটা ক্ৰমে- গহপুৰৰ গমিৰি, চতিয়াৰ নাগশংকৰ, বিশ্বনাথৰ বিশ্বনাথ ঘাট আৰু বন্যপ্ৰাণী সংমণ্ডলৰ লগতে এটা অপৰাধ আৰু অনুসন্ধান আঞ্চলিক বন কাৰ্যালয়।

বৰ্তমানৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ ৪০১ বৰ্গ কিলোমিটাৰ এলেকাই হ'ব এই নতুন বন্যপ্ৰাণী সংমণ্ডলটোৰ পৰিসীমা। ইপিনে, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা পূব অসম বন্যপ্ৰাণী সংমণ্ডলত বোকাখাটতো এটা ৰেঞ্জ নতুনকৈ সংযোজন কৰা হৈছে।

উল্লেখ্য যে, বৰ্তমানৰ কাজিৰঙা ষষ্ঠ সংযোজন অধীনৰ বৃহত্তৰ নৰ্দান ৰেঞ্জৰ এলেকাত দীৰ্ঘদিন ধৰি গঁড় হত্যা, গঁড় খৰ্গৰ চোৰাং বেহাকে ধৰি বিভিন্ন অপৰাধ মূলক কাম-কাজ সংঘটিত হৈ আহিছে।