অসম

১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা ৭ দিন ধৰি বানৰ কৱলত থকা কাজিৰঙাত শুকুৰবাৰে পানী কিছু শুকাইছে। ৰাষ্ট্ৰীয় উদ্যানখনত ১৩০ ছেঃ মিটাৰ পানী শুকাইছে বুলি ৰাষ্ট্ৰীয় উদ্যানৰ তথ্যত প্ৰকাশ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনত পানী শুকাইছে যদিও এতিয়ালৈকে ১১০টাৰো অধিক বন্যপ্ৰাণীয়ে প্ৰাণ হেৰুৱাইছে কাজিৰঙাত।

শুকুৰবাৰৰ আবেলি ৩ বজাৰ লৈকে বন বিভাগে সদৰি কৰা তথ্য অনুসৰি বানপানীৰ বাবে মুঠ মৃত্যু হোৱা সুগৰি পহুৰ সংখ্যা ৭৭ টা। ইয়াৰ ভিতৰত বাহনৰ খুন্দাত ১৩ টা, পানীত ডুবি ৫০ টা, অন্যান্য কাৰণত ১০ টা আৰু উদ্ধাৰৰ পিছত, চিকিৎসাৰ সময়ত ৪ টা সুগৰি পহুৰ মৃত্যু হৈছে। আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনত এইবাৰ বানত মৃত্যু হৈছে ১০টাকৈ গঁড়। তাৰ ভিতৰত পানীত ডুবি ৯টা আৰু অন্যান্য কাৰণত এটা গঁড়ৰ মৃত্যু হৈছে।

ইয়াৰ লগতে বানত মৃত্যু হৈছে এটা হাতী। বানত মৃত্যু হোৱা আন জীৱ-জন্তুৰ ভিতৰত আছে ৮টা ছাম্বাৰ, এটা বন গাহৰি, এটা ম'হ, ২টা কেটেলা পহু। ইফালে পানীত মুঠ ৮১ টা বন্যপ্ৰাণী উটি যোৱাৰ লগতে গাড়ীৰ খুন্দাত ১৪ টা বন্যপ্ৰাণীৰ কাজিৰঙাত মৃত্যু হৈছে। বন বিভাগৰ লোকে বানপানীৰ সময়ত ৬২ টা বন্যপ্ৰাণী উদ্ধাৰ কৰিছিল যদিও তাৰে ৪টাৰ মৃত্যু হয়। ৪৭ টা বন্যপ্ৰাণী চিকিৎসাৰ অন্তত বন বিভাগে মুকলি কৰি দিয়াৰ লগতে ১২ টা বন্যপ্ৰাণী সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

চিকিৎসাধীন হৈ থকা জীৱ-জন্তুৰ ভিতৰত আছে ১০ টা সুগৰি পহু আৰু ২ টা গঁড়। ইফালে পানী কমাৰ লগে লগে অভয়াৰণ্যখনত চোৰাংচিকাৰী প্ৰৱেশ কৰাৰ সম্ভাৱনা থকাত কাজিৰঙা অভয়াৰণ্যত বন বিভাগে কেইবাটাও অস্থায়ী শিৱিৰৰ জৰিয়তে চোকা দৃষ্টি ৰাখিছে।

পানীৰ বাবে বিশ্বনাথ বন সংমণ্ডলত ৭টা এন্টি প'চিং কেম্প স্থানান্তৰ কৰা হৈছে। কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ যাব ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব। বানৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ বাবে বিষয়াগৰাকীয়ে স্থানীয় জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে বন বিভাগৰ বিষয়াৰে বৈঠকত বহিব।