অসম

কাজিৰঙাৰ দোকানগৃহ উদ্বোধনৰ কাৰ্যসূচী বাতিল মন্ত্ৰী অতুল বৰাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ খোদ গৃহ সমষ্টি বোকাখাতৰ একাংশ স্থানৰ পৰা পহুখেদা খোৱা বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আজি পুনৰ গণৰোষৰ উমান পাই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হ'ল৷ কাৰণ বিগত চাৰে চাৰি বছৰে বোকাখাত সমষ্টিৰ কাজিৰঙা মৌজাৰ পূৱ কাজিৰঙা গাঁও পঞ্চায়তত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰাৰ বাবেই আজি পঞ্চায়তে নিৰ্মাণ কৰা দোকানগৃহ উদ্বোধন কৰিবলৈ মন্ত্ৰী অতুল বৰা অহাৰ খবৰ পাই ৰাইজ সাজু হৈ আছিল৷

কিন্তু কেৱল ভোট বেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ তুলি মন্ত্ৰী অতুল বৰাৰ সন্মুখত বিভিন্ন জলন্ত সমস্যা তুলি ধৰিবলৈ অঞ্চলটোৰ পুৰুষ-মহিলা সাজু থকাৰ উমান পোৱাৰ পাছতেই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী থকা স্বত্বেও সেয়া মন্ত্ৰী গৰাকীয়ে বাতিল কৰে বুলি ৰাইজে অভিযোগ তুলিছে৷ অঞ্চলটোৰ একাংশ ৰাইজে অভিযোগ কৰা মতে, কংগ্ৰেছৰ লুণ্ঠনৰাজ নাইকিয়া কৰিবৰ বাবেই বহু আশা লৈ ৰাইজে বিপুল ভোট দি বিজয়ী কৰাইছিল মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাক৷

অতুল বৰায়ো নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোৰ আন আন প্ৰান্তৰ লগতে কাজিৰঙা মৌজাৰ পূৱ কাজিৰঙা গাঁও পঞ্চায়ত এলেকাৰ পদূলিয়ে পদূলিয়ে ভোট ভিক্ষা কৰিবলৈ আহিছিল৷ পঞ্চায়তটোৰ ৰাস্তা-ঘাট, বিজুলী বাতিৰ সমস্যা নাইকিয়া কৰা আদিৰ সমান্তৰালভাৱে ৰাঙলু দলংখন নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ ৰাইজে ভাবি লৈছিল যে, ৰাঙলু দলং নিৰ্মাণ কৰি অতুল বৰাই ৰাইজৰ দীৰ্ঘদিনৰ সমস্যা নাইকিয়া কৰিব৷ কাৰণ, এই জৰাজীৰ্ণ দলঙে ইতিমধ্যেই বহুজনৰ প্ৰাণ লৈছে৷ কিন্তু, নিৰ্বাচনত বিজয়ী হৈ মন্ত্ৰী হোৱা অতুল বৰাই সকলো প্ৰতিশ্ৰুতি পাহৰিলে৷

ৰাঙলু দলং নিৰ্মাণৰ বাবে শিল এচপৰাও নপৰিল৷ চলিত বৰ্ষৰ তিনিটাকৈ বানে জুৰুলা কৰা কৃষিজীৱী জনতাৰ এলেকাটোত জৰাজীৰ্ণ দলংখনৰ বাবে যথেষ্ট দুৰ্ভোগ ভূগিবলগীয়া হ'ল৷ ইয়াৰ উপৰিও ৰাস্তা-পথ নিৰ্মাণ, অবিজ্ঞানসন্মত মথাউৰি-শ্লুইচ গেট নিৰ্মাণৰ ফলত ৰাইজৰ হোৱা অনিষ্ট তথা গাঁওখনত থকা বিভিন্ন সমস্যা নিৰ্মূল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে৷

ইয়াৰ বিপৰীতে প্ৰায় ৫ লাখ টকাৰে পঞ্চায়তে নিৰ্মাণ কৰা তিনিটা দোকান গৃহ উদ্বোধন কৰিবলৈ অহাৰ কথা পৰিকল্পনা কৰিছিল মন্ত্ৰী অতুল বৰাই৷ সেইমতে, পঞ্চায়তৰ পিনৰ পৰা মন্ত্ৰী অতুল বৰাৰ নাম সম্বলিত ফলক সাজু কৰি চিমেণ্টৰে প্লাষ্টাৰ কৰা হয়৷ আনকি, নিৰ্ধাৰিত সময়ৰ পূৰ্বে গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ অধীনস্থ বিভিন্ন বিষয়া-কণিষ্ঠ অভিযন্তা তথা অগপ-বিজেপিৰ নেতা-পালিনেতা উপস্থিত হয়৷

সমান্তৰালভাৱে স্থানীয় বিভিন্ন গৰাকী পুৰুষ-মহিলাও উপস্থিত হয় উক্ত স্থানত৷ ৰাইজে গোট খাই মন্ত্ৰী আহিলেই জৰাজীৰ্ণ ৰাঙলু দলঙৰ লগতে বিভিন্ন সমস্যা তুলি ধৰিবৰ বাবে বু বু বা বা আৰম্ভ কৰে৷ ইপিনে, ৰাইজে অভিযোগ কৰা মতে, হয়তো মন্ত্ৰী অতুল বৰাৰ কোনোবা সাংগোপাংগই মন্ত্ৰী বৰা গণৰোষত পৰিব পাৰে বুলি জনায়৷

আনহাতে, কিছু সময় পাছতেই মন্ত্ৰীগৰাকীয়ে তেওঁৰ পূৱ কাজিৰঙা পঞ্চায়তৰ দোকান গৃহ মুকলিৰ কাৰ্যসূচী বাতিল কৰে৷ ইফালে, ৰাইজে স্পষ্টকৈ কয় যে কেৱল ভোট ভিক্ষা কৰি ৰাজপাট দখল কৰা মন্ত্ৰী অতুল বৰা ইমান বেছি অকৰ্মণ্য হ'ব বুলি ভবা নাছিল৷ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো অঞ্চলটোৰ কোনো এটা সমস্যাৰ সমাধান নকৰা মন্ত্ৰী অতুল বৰাই পঞ্চায়তৰ ধনেৰে নিৰ্মাণ কৰা দোকানগৃহ উদ্বোধন কৰিবলৈ অহাৰ পৰিকল্পনা কৰোতেই লাজ লাগিব লাগিছিল৷

ইমান বেছি নিৰ্লজ্জ মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সৈতে কৰা বিশ্বাসঘাতকতাৰ বিচাৰ আগন্তুক নিৰ্বাচনত কৰ হ'ব বুলিও হুংকাৰ দিয়ে৷ আনহাতে, সৌ সিদিনা সাংসদ অজিত কুমাৰ ভূঞাই বোকাখাতৰ পৰা মন্ত্ৰী অতুল বৰাৰ ভেটি উচন কৰা হ'ব বুলি হুংকাৰ দিয়াৰ পাছত আজি ৰাইজ ঐক্যবদ্ধ হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷