kaziranga channa barca
kaziranga channa barca 
অসম

কাজিৰঙাত টুৰিষ্ট টেক্সিৰ পৰা উদ্ধাৰ ১০ টা পিপলি চেং মাছ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : কাজিৰঙাত টুৰিষ্ট টেক্সিৰ পৰা উদ্ধাৰ কৰা হয় দুষ্প্ৰাপ্য ছানা বাৰকা ৷ আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত কাজিৰঙাৰ কহঁৰাত উদ্ধাৰ হ’ল অবৈধ ভাৱে সৰবৰাহ কৰা থলুৱা ভাৱে পৰিচিত ১০ টা পিপলি চেং মাছ অথবা চানা বাৰকা ৷

উল্লেখ্য যে শনিবাৰে কাজিৰঙাৰ পৰা বিয়লি গুৱাহাটীৰ দিশত গৈ থকা অৱস্থাত আৰক্ষীয়ে AS01LC 1744 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখন জব্দ কৰে। বাহনখনত তালাচি চলোৱাত উদ্ধাৰ কৰা হয় দুষ্প্ৰাপ্য মাছ কেইটা ৷ আনহাতে আৰক্ষীয়ে বাহনসহ দুই সৰবৰাহকাৰীক আটক কৰি বনবিভাগক গতাই দিয়ে ৷