অসম

উদুলি মুদুলি কয়াকুছি বিহুতলী, সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন চলচিত্ৰ পৰিচালিকা মঞ্জু বৰাৰ, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ উদুলি মুদুলি হৈ পৰিছে বৰপেটা জিলাৰ কয়াকুছি। কয়াকুছি বিহু সন্মিলনৰ উদ্যোগত এক ব'হাগৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কয়াকুছি বিহু সন্মিলন। ব'হাগৰ প্ৰথম আৰু দ্বিতীয় দিনা এক ওখল মাখল পৰিবেশৰ সৃষ্টি হৈছে কয়াকুছিৰ বিহুতলীত। নাচনী-ঢুলীয়াক পাঁচদিন বিহুৰ প্ৰশিক্ষণ দি মুকলি বিহু, জেং বিহু, হুঁচৰি কয়াকুছি বিহু সন্মিলনত পৰিবেশন কৰা হয়।

সংখ্যালঘু অধ্যুষিত কয়াকুছি অঞ্চলৰ লৰা-ছোৱালীক বিহুৰ প্ৰশিক্ষণৰ জৰিয়তে কয়াকুছিত বিহুৰ এক আন্দোলন গঢ়ি তোলাত নেতৃত্ব বহন কৰিছে বিশিষ্ট কবি, সাহিত্যিক-সমালোচক তথা কয়াকুছি বিহু সন্মিলনৰ সভাপতি ইছমাইল হোছেইনে। সংখ্যালঘু অধ্যুষিত কয়াকুছি অঞ্চলৰ লৰা-ছোৱালীক বিহুৰ প্ৰশিক্ষণ দি ভাল লগা বুলি উল্লেখ কৰে বৰ্ষাৰাণী ডেকাই। সোমবাৰে স্মৃতিগ্ৰন্থ "কয়াকুছিৰ বিহুৱান" উন্মোচন কৰে ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকন্দ শৰ্মাই।

মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ পলিটেকনিকৰ অধ্যক্ষ ডঃ নজৰুল হক। মঙলবাৰে অৰ্থাৎ ২ ব'হাগত বিহু সম্পৰ্কীয় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচিত্ৰ পৰিচালিকা মঞ্জু বৰাই।

কয়াকুছি ৰঙালী উৎসৱত স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰ, লালুকৰ বিশিষ্ট সমাজকৰ্মী কনক চন্দ্ৰ গগৈ, টাই আহোম যুৱ পৰিষদৰ সভাপতি দিলীপ গগৈ, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।