অসম

কঠিয়াতলী ৰেংবেঙত অমানৱীয় ঘটনা! দৃষ্টিহীন পুত্ৰ-বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে পিতৃয়ে…

asomiyapratidin

ডিজিটেল সংবাদ, কঠিয়াতলীঃ পুনৰ ভুলুণ্ঠিত মানৱতা। এইবাৰ দৃষ্টিহীন পুত্ৰ, বোৱাৰী আৰু নাতিক ঘৰৰ পৰা উলিয়াই দিলে খোদ পিতৃয়ে। ঘটনাতো সংঘটিত হৈছে নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত। জানিব পৰা মতে দৃষ্টিহীন পুত্ৰ-বোৱাৰীৰ লগত সৰু সৰু কথাতে কাজিয়া কৰি সোমবাৰে নিশা পিতৃ ৰামকৃষ্ণ দাসে নিজৰে দৃষ্টিহীন পুত্ৰ-বোৱাৰীক ঘৰৰ পৰা খেদি দিয়ে।

পিতৃৰ অত্যাচাৰৰ পাছত উপায়ন্তৰ হৈ ঘৰৰ পৰা গুচি যায় পুত্ৰ-বোৱাৰী। নিশা নগাঁও সদৰ থানাৰ সমীপৰ এখন জিৰণি চালিত আশ্ৰয় লৈ থকা অৱস্থাত সদৰ আৰক্ষীয়ে উদ্ধাৰ কৰি তেওঁলোকক মঙলবাৰে বিয়লি কঠিয়াতলী আৰক্ষীক চমজাই দিয়ে।বৰ্তমান কঠিয়াতলী আৰক্ষীৰ আশ্ৰয়ত আছে দৃষ্টিহীন দম্পতীহাল।