অসম

কঠিয়াতলীত বন মহোৎসৱ আৰু সজাগতা সভা…

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ ধৰণী সেউজীয়া কৰাৰ উদ্দেশ্য আগত ৰাখি নগাওঁ জিলাৰ কঠিয়াতলী বন আঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত বুধবাৰে ৭০ তম বন মহোৎসৱ অনুস্থিত কৰা হয় ।এই উপলক্ষে কঠিয়াতলী পশ্চিম নামবৰ প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুস্থিত কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপন কৰা হয় ।

সমাজকৰ্মী বাবুল বৰাৰ সভাপতিত্বত অনুস্থিত সভাখনত নগাওঁ জিলাৰ বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী;কঠিয়াতলী আঞ্চলিক বম বিষয়া দুলাল বৰদলৈ ;খণ্ড বন বিষয়া ৰাজেন শইকীয়া, কঠিয়াতলী কামপুৰ জিলা পৰিষদৰ সদস্য ঘন বৰদলৈ, ৰাংঢালী গোষ্ঠিৰ সভাপতি শশী বৰদলৈ, শিক্ষয়ত্ৰী ববিতা বৰা উপস্থিত থাকে ।