অসম

সোমবাৰে কাছাৰত নতুনকৈ ১২২ জন কোৰোনাত আক্ৰান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ সম্প্ৰতি বৰাক উপত্যকাত ভয়ংকৰ ৰুপ ধাৰণ কৰিছে কোৰোনা অতিমাৰীয়ে ৷ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ কোৰোনাত আক্ৰান্ত হৈ সোমবাৰে তিনিজন লোকৰ মৃত্যু হৈছে৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্হাত মৃত্যু হয় কোৰোনাক্ৰান্ত লোক তিনিজনৰ ৷

ইয়াৰে দুজন কৰিমগঞ্জ জিলাৰ আৰু এগৰাকী কাছাৰ জিলাৰ৷ মৃত লোক কেইজন কৰিমগঞ্জ জিলাৰ শ্ৰীগৌৰীৰ ৭৭ বছৰীয়া পিনাক পানি চক্ৰবৰ্তী, ৫৮ বছৰীয়া শ্যামাপ্ৰসাদ ৰোডৰ মৃনাল কান্তি দে' আৰু কাছাৰ জিলাৰ ভকতপুৰ গাৱৰ ৫৭ বছৰীয়া দেববালা সিনহা৷ এই সদৰী কৰিছে এছএমছি হাস্পতালৰ উপাধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তই৷

উপাধ্যক্ষ গৰাকীয়ে জনোৱা মতে, সোমবাৰলৈ এছএমছি হাস্পতালত ৯০ গৰাকী কোৰোনা ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰোগী সকলৰ ভিতৰত কোভিড ৱাৰ্ডত ৫৫ গৰাকী, আই ছি ইউত ৩৫ গৰাকী, ভেন্টিলেটৰত ১০ গৰাকী আৰু ১৭ গৰাকীক অক্সিজেনৰ দি চিকিৎসা কৰা হৈছে৷ সোমবাৰে ৰেপিত আৰু আৰটিছিপিআৰৰ জৰিয়তে ক্ৰমে ২১ আৰু ২৬ মুঠ ৪৭ গৰাকী লোকৰ দেহত কোভিড চিনাক্ত কৰা হয় ৷

সম্প্ৰতি মুমূৰ্ষ অৱস্হাত একাংশ কোৰোনা ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱাত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এছএমছি কতৃপক্ষ৷ শৰীৰত অক্সিজেন হ্ৰাস পোৱাৰ ফলত উশাহ লোৱাত কষ্ট পোৱা ৰোগী সকলক মুমূৰ্ষ অৱস্হাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এনে অৱস্হাত তেনে ৰোগীক বচোৱাতো কঠিন হৈ পৰে চিকিৎসক সকলৰ ৷ গতিকে অন্তিম মূহূৰ্তলৈ ৰৈ নাথাকি প্ৰথম অৱস্হাতে শ্বাস প্ৰশ্বাসত কষ্ট পোৱা কোৰোনা ৰোগী সকলক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ ৰোগীৰ অভিভাৱক সকলক আহ্বান জনাইছে উপাধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তই।