অসম

কৰুণা ট্ৰাষ্টৰ বাবেই বহুলোকে লাভ কৰিছে নতুন জীৱন…

asomiyapratidin

ডিজিটেল ডেস্কঃমানৱ সেৱাই পৰম ধৰ্ম। যান্ত্ৰিকতা এই যুগত যে মানৱতা হেৰাই যোৱা নাই তাকে প্ৰমাণ কৰিলে কৰুণা ট্ৰাষ্ট নামৰ সংগঠনটোৱে। যোৱা কেইবাবছৰো ধৰি এই সংস্থাটোৱে প্ৰায় ১৫০০ গৰাকী অন্ধ ব্যক্তিক দান কৰিছে নতুন জীৱন। কৰুণা ট্ৰাষ্টে ৰামকৃষ্ণ মিচন ইটানগৰৰ সহযোগত যোৱা সপ্তাহতো ২৫ জন ৰোগীৰ বিনামূলীয়াকৈ কেটাৰেক্ট অপাৰেচন সুকলমে সমাপন কৰে। সংস্থাটোৰ প্ৰতিষ্ঠাপক অনুপ শৰ্মা আৰু কৰ্মী গিৰিন শৰ্মাই এই ক্ষেত্ৰত চলাই গৈছে নিৰবছিন্ন প্ৰচেষ্টা।