অসম

গুৱাহাটী জিলা পুথিভঁৰালত প্ৰৱাসী অসমীয়া চিকিৎসক কৰুণা সাগৰ দাসৰ স্মৃতিচাৰণ সভা…

asomiyapratidin

ডিজিটেল ডেস্ক : বিদেশত থাকিও অসম আৰু অসমীয়াৰ প্ৰতি গভীৰ দায়িত্ববোধ লৈ ফুৰা প্ৰয়াত কৰুণা সাগৰ দাসৰ স্মৃতিত মঙলবাৰে গুৱাহাটী জিলা পুথিভৰাঁলত অনুষ্ঠিত হয় এখনি স্মৃতিচাৰণ সভা। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানত উপস্থিত থাকি সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱাই বন্তি প্ৰজ্বলেনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে 'অসম প্ৰাণ' কৰুণা সাগৰ দাসক। এই অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, সংগীত শিল্পী সূৰ্য দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

এই অনুষ্ঠানত 'অসম প্ৰাণ' কৰুণা সাগৰ দাসক স্মৰণ কৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱাই কয় যে, এক দীঘলীয়া সময় ধৰি তেখেতে অসম আৰু অসমীয়াৰ সৰ্বোতোপ্ৰকাৰে হিত সাধনৰ বাবে নিৰৱছিন্নভাবে কাম কৰি গৈছিল। বিদেশত থাকিলেও অসমীয়াৰ হিতৰ বাবে আজীৱন কৰা কৰি যোৱা এগৰাকী অক্লান্ত সাধক আমি হেৰুৱালো বুলি মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে, ৬ জানুৱাৰী ২০২১ৰ বুধবাৰৰ পুৱা প্ৰায় ১০.৫০ মান বজাত মৃত্যু হৈছিল কৰুণা সাগৰ দাসৰ। হাজোৰ কুলহাটীত জন্মগ্ৰহণ কৰি কৃতী চিকিৎসক হিছাপে ৰেডক্ৰছ ছছাইটিত কৰ্মজীৱণ আৰম্ভ কৰি ইংলেণ্ডলৈ গৈ বৃটিছ নাগৰিকত্ব গ্ৰহণ কৰে সুদীৰ্ঘ বাইশ বছৰ ধৰি তেখেতৰ মুখ্য সম্পাদনাতে প্ৰকাশ পাই আহিছিল "লুইটৰ পৰা টেমচলৈ – Luit to Thames "নামৰ আলোচনীখন।

ডাঃভূপেন হাজৰিকাই তেখেতৰ বদান্যতাত সন্তুষ্ট হৈ সাগৰ উপাধিৰে বিভূষিত কৰিছিল। লণ্ডণত তেখেতে স্থাপন কৰিছিল গুৰুজনাৰ মনিকুট,জন্ম দিছিল শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰ।