অসম

সাংবাদিক আফনুৰ আলীক “কৰ্ম যাৰ পৰিচয়” বটাঁ প্ৰদান…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ মুকালমুৱাস্থিত দেশভক্ত ময়দানত পঢ়ুৱৈৰ উদ্যোগত অনুষ্ঠিত মুকালমুৱা মহকুমা গ্ৰন্থমেলাত প্ৰদান কৰা হয় এই বটাঁ। ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা গ্ৰন্থ মেলাৰ সামৰণিৰ দিনা অনুষ্ঠিত মুকলি সভা আৰু বটাঁ বিতৰণী অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা। বঁটাত আছে এখন চেলেং চাদৰ, গামোচা,জাপি আৰু অভিনন্দন পত্ৰ।

এই অনুষ্ঠানতে বৰক্ষেত্ৰী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ চেইখ মোবাৰক হুছেইনক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। মুকালমুৱা মহকুমা গ্ৰন্থ মেলাৰ সভাপতি দীনেশ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱি হাইদৰ হুছেইন, বৰক্ষেত্ৰী বিধায়ক নাৰায়ন ডেকা, অসম চৰকাৰৰ সচিব ভাৰত ভূষন দেৱ চৌধুৰী, বিশিষ্ট কবি-সাহিত্যিক -লেখক পংকজ গোবিন্দ মেধি, নলবাৰী কলেজৰ অধ্যক্ষ ড০ কমল নাৰায়ন পাটোৱাৰীকে ধৰি ভালে সংখ্যক গন্য-মান্য ব্যক্তি উপস্থিত থাকে।