কৰিমগঞ্জ

চিমেণ্ট ভৰ্তি ট্ৰাক বাগৰি অ' এন জি চিৰ শ্ৰমিক নিহত

Asomiya Pratidin

ডিজিটেল সংবাদ,কৰিমগঞ্জ : গৰুক বচাব লৈ যাওঁতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ৪ জনকৈ লোক। ইয়াৰে ১জন নিহত হোৱাৰ বিপৰীতে ৩জন আহত হয়।

কৰিমগঞ্জৰ বাজাৰিছড়া কটাম‌ণি এলাকাৰ লোয়াইৰপোয়া কানমুন পথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। এখন চিমেন্ট ভৰ্তি ট্ৰাক ৰাঙামাটি অভিমুখে যোৱাৰ পথত হঠাতে এটি গৰু পথৰ মাজলৈ আহে। গৰুটোক বচাবলৈ যাওঁতে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত কাম কৰি থকা অ'এন জি চিত কর্মৰত শ্ৰমিকৰ ওপৰত বাহনখন বাগৰি পৰে।

ফলত কেউগৰাকীকে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি মকুন্দা চিকিৎসালয়ত প্ৰেৰণ কৰে। কিন্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সঞ্জয় মাইতি নামৰ শ্ৰমিকজন চিকিৎসালয়তে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৫বছৰ।

বাকী আন ৩জন মেঘনাথ দ‌লৈ,বাপ্পি মাল, শম্ভু আড়িক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আটাইকোইজনৰ ঘৰ পশ্চিমবঙ্গত বুলি জানিব পৰা গৈছে। ইফালে বাজাবিছড়া আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন আটক কৰে। অৱশ্যে চালকজন পলাই যাবলৈ সক্ষম হয়।