অসম

পশ্চিম কাৰ্বি আংলং-হোজাই সংযোগী পথ নিৰ্মাণত ভয়ংকৰ অনিয়ম, চপৰা চপৰে এৰিলে ৬ কোটিটকীয়া পথ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, হামৰেণঃ অসম চৰকাৰৰ বিত্ত তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন সমষ্টিৰ বাট পথ নিৰ্মাণ কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰখা বুলি প্ৰকাশ কৰি আহিছে৷ লগতে কামত দুৰ্নীতি কৰা ঠিকাদাৰক কোনোধৰণৰ আপোচ কৰা নহব বুলি কৈ অহাৰ সময়তে এচাম ঠিকাদাৰে মন্ত্ৰীৰ সেই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই পথ নিৰ্মাণত চলাই গৈছে ব্যাপক লুণ্ঠন।

এয়া পহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং আৰু হোজাই সংযোগী এক মাত্ৰ গড়কাপ্তানী পথ৷ পথছোৱা কাম সম্পূৰ্ণ নহওঁতেই চপৰা-চপৰে এনেদৰে এদিনতে এৰি গৈছে পকী পথৰ প্ৰলেপ। হাতৰ পৰশতে উঠি আহিছে পকী পথৰ চপৰাবোৰ। সৰু এখন গাড়ী পাৰ হৈ যাওঁতেই পকীপথটোৰ বিভিন্ন অংশ বখলা বখলকৈ এৰি গৈছে।

ধুৰন্ধৰ অভিযন্তাৰ পৃষ্ঠপোষকতাতে ঠিকাদাৰ ভুমৰ দেই সিংহ ভাগ ধন লুন্ঠনৰ আশাত নিৰ্মাণ কৰিছে এই নিম্নমানৰ পথ। জনকল্যাণৰ বাবে চৰকাৰে আবন্টন দিয়া প্ৰায় পাঁচ কোটি টকা ৰাইজৰ ধন বিষয়া ঠিকাদাৰে ভয়ংকৰ অনিয়ম সংঘটিত কৰি লুন্ঠনকাৰ্য চলোৱা কাৰ্যৰ বিৰুদ্ধে সোমবাৰে জাঙোৰ খাই উঠে স্থানীয় ৰাইজ।

চৰকাৰ, প্ৰশাসন, জন প্ৰতিনিধি, গড়কাপ্তানী বিভাগ সকলোৰে বিৰুদ্ধে তীব্ৰ ক্ষোভ গাওঁবাসীৰ। এইক্ষেত্ৰত স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয়।