অসম

২০০৫ চনৰ চাৰচিমৰ গণহত্যাৰ ৪১ নিৰীহক সোঁৱৰি স্মৃতিচাৰণ অনুষ্ঠান, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, হামৰেণঃ ২০০৫ চনত কাৰ্বি-ডিমাচা জনগোষ্ঠীৰ মাজত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ ফলত পাৰ্বত্য জিলাৰ চাৰচিম অঞ্চলত নিষ্ঠুৰ ঘাতকৰ বলি হৈ একেলগে ৪১ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল৷ জিৰিকিণ্ডেং-হামৰেণ আৰু জিৰিকিন্দিং-ডিফু অভিমুখী দুখন পৰিষদীয় বাছত দুৰ্বৃত্তই আক্ৰমণ চলাই এই নাৰকীয় ঘটনা সংঘটিত কৰিছিল৷

উক্ত হত্যালিলা সংঘটিত হোৱা স্থানৰ পৰা প্ৰাণ ৰক্ষা কৰি কিছু লোক পলাই আহিবলৈ সক্ষম হৈছিল। উক্ত হত্যা কাণ্ডত বহুলোকে কৰুণভাৱে মৃত্যুক আকোঁৱালি লোৱাৰ স্থানত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি পৰিষদৰ আন আন কাৰ্যবাহী সদস্যসকল উপস্থিত হৈ বৃহস্পতিবাৰে বন্তি প্ৰজ্বলন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

চিইএম তুলিৰাম ৰংহাঙে কয় যে, কোনো তৃতীয় শক্তিৰ প্ৰৰোচণাত পৰি ভাই ভাইৰ মাজত এনে সংঘাতৰ সূত্ৰপাত হৈছিল। ফলত কাৰ্বি – ডিমাছা সকলৰ বহু নিৰীহ লোকে প্ৰাণ হেৰুৱালে। এনে অপশক্তিৰ বিৰুদ্ধে আমি সদায় যুঁজ দি যাম আৰু কোনো কাৰণতে উগ্ৰপন্থীক প্ৰশ্ৰয় নিদিওঁ বুলি সদৰি কৰে।

আনহাতে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন তেৰনে আক্ষেপ প্ৰকাশ কৰি কয় যে, এই নাটকীয় ঘটনাই ১৪ বছৰত ভৰি দিলে যদিও আজি পৰ্যন্ত এজনো দুস্কৃটিকাৰীক প্ৰশাসনে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল। সেয়ে এই কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চিবিআইক অৰ্পণ কৰিবলৈ পৰিষদক দাবী জনাইছে।