কাৰ্বি-আংলং

কাৰ্বি আংলং কিষাণ শ্রমিক সভাৰ পঞ্চম কেন্দ্ৰীয় সন্মিলন...

Asomiya Pratidin

প্ৰতিদিন সেৱা, হাওৰাঘাটঃ ডিফুস্থিত কিষাণ ভৱন আৰু শ্বহীদ কমৰেড লাংটুক ফাংচু সভাগৃহত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা কার্বি আংলং কিষাণ শ্রমিক সভাৰ পঞ্চম কেন্দ্ৰীয় সন্মিলনখনৰ মঙলবাৰে সামৰণি পৰে ।

লংকি ফাংচু, যগো হানচেপি আৰু বিক্ৰম তেৰাংৰ সভাপতি মণ্ডলীত পৰিচালনা হোৱা সন্মিলনখনি উদ্বোধন কৰে চি পি আই (এম এল) লিবাৰেচন দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা পাৰ্বত্য জিলা সমিতিৰ সম্পাদক ৰবি কুমাৰ ফাংচ'ই ।

সন্মিলনৰ উদ্বোধনৰ পূৰ্বে ৰাজ্য খনৰ লগতে কাকিচকে ধৰি মণিপুৰত ইতিমধ্যে যি সকলৰ মৃত্যু হৈছে তেওঁলোকৰ স্মৃতিত দুই মিনিট সময় মৌন শোক পালন কৰে ।

সন্মিলত সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কেন্দ্ৰীয় পর্য্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চুমি তিমুং, বিপ্লৱী যুৱ সন্থাৰ পাৰ্বত্য জিলা সমিতিৰ সম্পাদক জীৱ কুমাৰ ফাংচ', কে.এন. চি. এৰ চুকুৰী ৰংফাৰপি আৰু আইচাৰ ক্লেনদ্রোন ফাংচ'ই নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

সন্মিলনত চি পি আই (এম এল) দলৰ প্ৰাক্তন সাংসদ ডাঃ জয়ন্ত ৰংপীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

পুৱাৰ ভাগত কৃষাণ শ্ৰমিক সভাৰ সভাপতি লংকি ৰাম তকবীয়ে সভাৰ পতাকা উত্তোলন কৰে আৰু কলম সিং টেৰণে শ্বহীদ তৰ্পণ কৰি অধিৱেশনৰ দ্বিতীয় দিনৰ প্ৰতিনিধি সভা মুকলি কৰে ।

সন্মিলনত খনসিং টেৰণ আৰু মিৰিন্দা ইংতিপিয়ে সমবেত সংগীত পৰিবেশন কৰি প্ৰতিনিধি সকলৰ সংগ্রামী প্রেৰণা যোগায় ।

সন্মিলনে লংকিৰাম টকবিক সভাপতি লংকি ফাংচুক কার্য্যকৰি সভাপতি আৰু বিক্ৰম টেৰাংক সাধাৰণ সম্পাদক নিৰ্বাচিত কৰি ৫১ জনীয়া কেন্দ্ৰীয় সমিতি গঠন কৰে ।

সন্মিলনত কাৰ্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ ডেৰ শতাধিক নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।