কাৰ্বি-আংলং

বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্ক: পশ্চিম কাৰ্বি আংলঙৰ বৰমাজানত বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু। মঙলবাৰে পাহাৰৰ আৰ (খেতি কৰা ঠাই)ত যাওঁতে গোটাই আনিছিল বনৰীয়া কাঠফুলা।

নিশা আহাৰ খোৱাৰ পিছত পিছদিনা পুৱাৰ পৰা অসুস্থ হৈ পৰিছিল একেটা পৰিয়ালৰ পাঁচজন লোক। আৰু ইয়াৰ পাছতেই শণিবাৰে পৰিয়ালটোৰ এজন লোকে মৃত্যুক আঁকোৱালি লয়।মৃত লোক জনৰ নাম মিঠু আমসং।

আনহাতে বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে চিৰামিকা আমসং, ৰূপালী আমসং আৰু মিনতি আমসং নামৰ তিনিজন। ইয়াৰোপৰি সংকতজনক অৱস্থাত চুলতান হস্পিতালত চিকিৎসাধীন বিশ্বজিৎ আমসং নামৰ অন্য এজন।