কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ...
কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ... 
কাৰ্বি-আংলং

কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। এইবাৰ কাৰ্বি আংলঙৰ ডকমকাত উদ্ধাৰ হৈছে এই অস্ত্ৰ, শস্ত্ৰখিনি। ডকমকাৰ লাংহিনৰ ড’ইডাক অঞ্চলত গাঁতত পুতি থোৱা অৱস্থাত আছিল এই অস্ত্র ভাণ্ডাৰ।

উদ্ধাৰ হোৱা অস্ত্ৰ ভাণ্ডাৰখিনিৰ ভিতৰত আছে এটা AK-56 ৰাইফল, এটা 9MM পিষ্টল, এটা 0.32 পিষ্টল, এটা কাৰ্বাইন, দুটা মেগজিন। ইয়াৰোপৰি আছে ৯টা AK ছিৰিজৰ মেগজিন, ৮৮টা সক্রিয় গুলী আৰু ৭টা 9MM পিষ্টলৰ সক্রিয় গুলী।