অসম

বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ, শংকাত নৈপৰীয়া ৰাইজ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ যোৱা সোমবাৰে কপিলী নদীৰ উমৰাংছ' জলবিদ্যুৎ প্ৰকল্পৰ পাইপ ফাটি যোৱা পিছতেই কপিলীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।আনহাতে প্ৰকল্পটো তিনিখনগেট খুলি দিয়াত ঘণ্টাত প্ৰায় ১০ ছে:মি:ৰকৈ বৃদ্ধি পাইছে কপিলী পানী।

এনেদৰে ১০ ছে:মি:ৰকৈ কপিলী নৈৰ পানী যদি বৃদ্ধি পায় বিয়লি ভাগলৈ বিপদ সীমাৰ লেভেল পাৰ হোৱাটো নিশ্চিত। উমৰাংছ'কপিলী জলবিদ্যুৎ প্ৰকল্পটোৰ মেৰামতি কাম সময়মতে নকৰি কৰ্তৃপক্ষই হেমাহী কৰাৰ বাবে আজি শংকাত ভুগিব লগা হৈছে কপিলী পৰীয়া ৰাইজ সকল ।