অসম

পৰিবহন বিভাগৰ অভিনৱ আঁচনিঃ১৫ আগষ্টলৈকে দৈনিক ২৫ জনকৈ শিক্ষাৰ্থীক প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ। ৰাজ্যৰ পৰিবহণ বিভাগে এই শিক্ষাৰ্থীসকলৰ বাবে লৈছে এক অভিনৱ আঁচনি। ১৫ আগষ্টলৈকে প্ৰতিদিনে দৈনিক ২৫ জনকৈ শিক্ষাৰ্থীক দিব বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ।এই অনুজ্ঞাপত্ৰ দিয়াৰ পূৰ্বে বেটকুছিৰ হোণ্ডা চালক কেন্দ্ৰত প্ৰশিক্ষণ দিব শিক্ষাৰ্থীসকলক।

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা ১৮ বছৰ উৰ্ধ্বৰ শিক্ষাৰ্থীক পৈনত গাড়ী চালকৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে বুলি মহানগৰ জিলা পৰিবহন বিভাগে অৱগত কৰিছে। বহি ৰাজ্যত অধ্যয়নৰ বাবে যোৱা শিক্ষাৰ্থীয়ে যাতে যান বাহন চলাচলত কোনো অসুবিধাৰ সন্মুখীন নহয় তথা যান বাহন নীতি নিয়মসমূহ অৱগত হয় তাৰ বাবে ১৫ দিনৰ এক বিশেষ কাৰ্যসূচী হাতত লৈছে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে।

এই কাৰ্যসূচী অনুসৰি বেটকুছিত থকা হোণ্ডা চালক কেন্দ্ৰত দৈনিক ১৫ জনকৈ পৰীক্ষাৰ্থীক প্ৰশিক্ষণ দিব বিভাগে। এই প্ৰশিক্ষণৰ অন্তত উত্তীৰ্ণ শিক্ষাৰ্থীক নিজ হাতে গাড়ী চালনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব জিলা পৰিবহন বিভাগৰ বিষয়া গৌতম দাসে।

এই সুবিধা গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলে অনলাই যোগে আৱেদন কৰিব লাগিব। আৱেদন কৰিবৰ বাবে বয়সৰ প্ৰমাণ পত্ৰ, ঠিকনা, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ নাইবা মাৰ্কশ্বিট আদি দাখিল কৰিব লাগিব।