অসম

জোৰশিমুলীৰ আচলপাৰাত নগদ ধনসহ তীৰৰ বুকী আটক…

asomiyapratidin

ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত আচলপাৰা বজাৰৰ পৰা আৰক্ষীয়ে শুকুৰবাৰে বিয়লি অভিযান চলাই নগদ ধনসহ তীৰখেলৰ বুকী দুটাক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰামতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত আৰু নিৰ্দেশত জোৰশিমুুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ডেকাই বিয়লি আচলপাৰাত অভিযান চলায়৷

আৰক্ষীৰ অভিযানত আচলপাৰাৰ হাইদৰ আলী, বৰাখাটৰ মোশ্বাৰফ হুছেইনক হাতে-লোটে ধৰা পেলোৱাৰ লগতে দুয়োৰে পৰা এটা মোবাইল হেণ্ডছেট, কিছু নগদ ধন আৰু তীৰখেলত ব্যৱহৃত সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত তীৰৰ বুকী দুটাক ছয়গাঁও থানালৈ নি জেৰা চলাই থকা বুলি জানিব পৰা গৈছে৷