অসম

বান সাহায্যৰ নামত অহা ২৪ বেগ চাউলৰ বিতৰণ মাত্ৰ ২ বেগ, কামপুৰত উত্তপ্ত পৰিস্থিতি

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ ৰাজ্যৰ সৰ্বত্ৰে বানে তাণ্ডল লীলা কৰাৰ সময়তে এইবাৰ উত্থাপন হৈছে বান সাহায্যত অনিয়ম সংঘটিত কৰাৰ অভিযোগ। বান সাহায্য বিতৰণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগত মঙলবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতৰ।

উল্লেখ্য যে, বানত সৰ্বশ্ৰান্ত হোৱা কুঁৱৰী আটী আদৰ্শ গাঁৱৰ বন্যাৰ্তৰ মাজত বিতৰণৰ বাবে অনা হৈছিল চৰকাৰী সাহায্য। কিন্তু এই চৰকাৰী সাহায্য বিতৰণৰ নামত গাঁওবুঢ়া আৰু ৱাৰ্ড মেম্বাৰজনে অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে বন্যাৰ্ত ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি পান পীড়িতৰ মাজত বিতৰণৰ বাবে অনা ২৪ বেগ চাউলৰ মাত্ৰ ২ বেগ বিতৰণ কৰি বাকী খিনি ৱাৰ্ড মেম্বাৰ যাদৱ বৰা আৰু গাঁওবুঢ়া তৰণ লস্কৰে কুঁৱৰী আটী গাঁৱৰ জীতেন লস্কৰ নামৰ লোকজনৰ দোকানত সোমোৱাই থয়।

এই সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পাৰি নিশা ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়া জনৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজৰ অভিযোগ অনুসৰি যাদৱ বৰা আৰু তৰণ লস্কৰে বান সাহায্যৰ ২২ বেগ চাউল এনেদৰে লুকুৱাই ৰাখি আত্মসাৎ কৰাৰ চেষ্টা চলাইছিল।