অসম

কামপুৰত বিনামূলীয়া পশু চিকিৎসা শিৱিৰ…

asomiyapratidin

ডিজিটেল সংহবাদ, কামপুৰঃ বানে ধোৱা কামপুৰত শনিবাৰে অসম পশু পালন আৰু পশু চিকিৎসা সেৱা সন্থা নগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এক বিনামূলীয়া পশু চিকিৎসা শিৱিৰ ৷ বানপিড়ীত অঞ্চলৰ লোকৰ সুবিধাৰ্থে এই বিনামূলীয়া চিকিৎসা শিৱিৰ কামপুৰৰ পলশা গাঁৱত অনুষ্ঠিত হয় ৷

বানৰ পাছত হোৱা পশুধনৰ বিভিন্ন ৰোগৰ লগতে কেনেদৰে সজাগতা অৱলম্বন কৰিব পাৰি এই সজাগতা সভাতে সবিশেষ জনোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ৷ সভাৰ মাজতে বানৰ সময়ত চৰকাৰে পশুৰ খাদ্য যোগান ধৰাত কৃপনালি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷

গছপুলি ৰোপন কৰি আৰম্ভ কৰা সজাগতা সভা খনত কঠিয়াতলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া মুনিন্দ্ৰ ভট্টাচাৰ্য, নগাঁও জিলা পশু বিষয়া, সমাজকৰ্মী বিভূতি ভূষন বৰঠাকুৰ, বহু কেইজন পশু চিকিৎসকৰ লগতে নগাঁও পশু চিকিৎসা সেৱাৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷