অসম

কামপুৰত খিলঞ্জীয়া দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ খিলঞ্জীয়া মঞ্চ অসমৰ নগাওঁ জিলা সমিতিৰ উদ্যোগত আৰু কামপুৰৰ তেলিআটি গাঁৱৰ ৰাইজৰ সহযোগত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব খিলঞ্জীয়া দিৱসটি উদযাপন কৰা হয় ।

পুৱা পতাকা উত্তোলনৰ পিছত বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হয় ।কাৰ্যসূচীৰ লগত সংগতি ৰাখি এটি বিনামূলীয়া চিকিৎসা শিবিৰো অনুস্থিত হয় ।চিকিৎসা শিৱিৰটোত শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰে ।ইয়াৰ লগে লগে এখন ৰাজহুৱা সভাও অনুস্থিত হয় ।