অসম

বান সাহাৰ্য্যক কেন্দ্ৰ কৰি কামপুৰত তীব্ৰ উত্তেজনা, পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী-প্ৰশাসন…

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ বান সাহাৰ্য বিতৰণত ব্যাপক অনিয়ম সংঘটিত কৰাক কেন্দ্ৰ কৰি কামপুৰৰ কুঁৱৰীআটি আদৰ্শ গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বন্যাৰ্তৰ অভিযোগ বান সাহাৰ্যৰ বাবে অহা ২৪ বেগ চাউলৰ দুবেগ চাউল বন্যাৰ্তৰ মাজত ভগাই দি বাকী চাউল নভগোৱাকৈ ৱাৰ্ড মেম্বাৰ যাদৱ বৰা, গাঁওবুঢ়া তৰণ লস্কৰ আৰু লাট মণ্ডল লক্ষ্যজ্যোতি দলৈয়ে চাউল খিনি কুঁৱৰী আটি গাঁৱৰ সুলভ মূল্যৰ দোকানী জিতেন লস্কৰৰ দোকানৰ গুডামত সোমোৱাই থয়।

এই খবৰ পোৱাৰ পাছতেই মঙলবাৰে নিশা উত্তেজিত হৈ বন্যাৰ্তই ৱাৰ্ড মেম্বাৰ যাদৱ বৰা আৰু গাঁওবুঢ়া তৰুণ লস্কৰক জবাবদিহি কৰে। নিশা পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত পুৱা কামপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল লক্ষ্যজ্যোতি বৰা ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত উপস্থিত হোৱা লাট মণ্ডল লক্ষ্যজ্যোতি বৰা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বান সাহাৰ্য বিতৰণত অনিয়ম হোৱাৰ প্ৰতিবাদত উত্তেজিত বন্যাৰ্তই বান সাহাৰ্য প্ৰশাসনক ঘূৰাই দি শিবিৰলৈ ৰাওনা হয়। পৰিস্থিতি অধিক জটিল হোৱাত ঘটনাস্থলীত কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ দুয়োগৰাকী চক্ৰ বিযষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই বিফল হয়। বৰ্তমানলৈকে পৰিস্থিতি উতপ্ত হৈ আছে।

উল্লেখযোগ্য যে গাঁওবুঢ়া অাৰু ৱাৰ্ড মেম্বাৰে বন্যাৰ্তৰ বাবে অহা চাউল বন্যাৰ্তৰ মাজত নভগাই পোনে পোনে ৰিটেইলাৰৰ গুডামত ভৰাই থোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।অাৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও সফল হোৱা নাই।