অসম

কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ বন আঞ্চলিক কাৰ্য্যালয়ৰ বৰপথাৰ চাব বীটৰ দক্ষিণ ঝৰবাগানত অঘটন। নিশা এটা বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। মৃত লোকজন চন্দ্ৰন বিশ্বাস বুলি জানিব পৰা গৈছে।

আনহাতে হাতীৰ আক্ৰমণত চন্দ্ৰন বিশ্বাসৰ পিতৃ বাবুল বিশ্বাস আৰু মাতৃ সাধনা বিশ্বাস গুৰুতৰ ভাবে আহত হৈছে।

সাধনা বিশ্বাসৰ অৱস্থা বৰ্তমানে সংকট জনক হোৱাৰ বাবে চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰা হৈছে।উল্লেখ্য যে কামপুৰত দীৰ্ঘদিন ধৰি বন্যহস্তীৰ জাকে তাণ্ডৱ চলাই আহিছে যদিও বন বিভাগৰ লোকে হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।