অসম

কাৰ্যালয়ত তলা ওলমাই অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ কামপুৰবাসীৰ

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ দীৰ্ঘদিন ধৰি নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ অহাত ক্ষুব্ধ হৈ পৰিছে নগাঁও জিলাৰ বৃহত্তৰ কামপুৰ অঞ্চলৰ ৰাইজ। ক্ষোভিত ৰাইজে সোমবাৰে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে শক্তি মন্ত্ৰী তপন গগৈ মুৰ্দাবাদ ধ্বনি দি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা ওলোমাই দি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায়। অন্যাথাই তীব্ৰ জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

উল্লেখ্য় য়োৱা প্ৰায় ২-৩ মাহ ধৰি অঞ্চলটোত বিদ্যুৎ বিভাগে দিনটোত মাত্ৰ এঘণ্টা বা দুঘণ্টাৰ বাবেহে বিদ্যুৎ যোগান ধৰি আহিছে। এনে অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত অঞ্চলটোৰ ৰাইজ গৰমত অতিষ্ঠ হৈ পৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো পঢ়া-শুনাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।