অসম

নগাঁৱৰ কচুৱাৰৰ লুটুমাৰীত বিশাল ‘কা’ বিৰোধী প্ৰতিবাদী সভা… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কচুৱাৰৰ লুটুমাৰীত বিশাল 'কা' বিৰোধী প্ৰতিবাদী সভাত সাংবাদিক মনজিৎ মহন্ত আৰু শিল্পী মহেন্দ্ৰ হাজৰিকা উপস্থিত। বিজেপি চৰকাৰখনক তূলাধুনা দিয়ে জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই।

আনহাতে, অগপৰ ৩ মন্ত্ৰীকো গাঁৱলৈ আহিলে হালোৱা এচাৰিৰে কোৱাই কোৱাই খেদিব লাগে বুলি কয়।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি কয় যে তেওঁ লোৱা ডক্টৰেট ডিগ্ৰীও নকল কৰি লোৱা আৰু সেইজন মন্ত্ৰীৰ কথা ৰাইজে ইতিমধ্যে গম পাইছে সেইহে তেওঁক পুনৰ বাৰ সকীয়াই দিয়ে যে অসমখন তেওঁৰ সম্পত্তি নহয় যে তেওঁ যি ইচ্ছা তাকে কৰিব আৰু যদি 'কা' বাতিল নকৰে তেনেহলে হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ দলিয়াই দিব।

কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই গানৰে প্ৰতিবাদ সাব্যস্ত কৰে। আৰু অহিংসাৰে প্ৰতিবাদ কৰিবলৈ ৰাইজক আহ্বান কৰে।কামপুৰত জনসমুদ্ৰত 'কা' বিৰোধী আন্দোলনকাৰীৰ সংখ্যা। কামপুৰ আৰু লংজাপ প্ৰতিবাদ স্থলীৰ পৰা বিজেপি চৰকাৰক তীব্ৰ হুংকাৰ প্ৰতিবাদকাৰী জনতাৰ। হাজাৰ হাজাৰ জনতা ওলাই আহিল কামপুৰ আৰু লংজাপত। প্ৰতিবাদস্থলীৰ পৰা নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰাক তীব্ৰ ভাষাৰে সমালোচনা কৰে মনজিৎ মহন্তই।