অসম

চকুত চকুপানী লৈ দুয়োটা কিডনী বিকল হোৱা এজন মেধাৱী ছাত্ৰৰ কাতৰ আহ্বান, ‘মোক সহায় কৰক, মই পঢ়িব বিচাৰো…’

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ তেতেলিসৰাৰ এজন মেধাৱী ছাত্ৰৰ কৰুণ কাহিনী৷ উচ্চ শিক্ষা গ্ৰহণৰ সময়তে ছাত্ৰজনে ভুগিব লগা হৈছে দূৰাৰোগ্য ৰোগত৷ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা এইজন মেধাৱী ছাত্ৰ পল্লৱ দাস৷ ছাত্ৰজনৰ দুয়োটা কিডনী বিকল হোৱাত এতিয়া বিচনাৰ সংগী হৈ পৰিছে ছাত্ৰজন৷

পিতৃ-মাতৃয়ে পাৰ্যমানে চিকিৎসা কৰাইছে যদিও সুস্থ হোৱা নাই ছাত্ৰজন৷ চিকিৎসাৰ বাবে ছাত্ৰজনক এতিয়া কেইবালাখ টকাৰ প্ৰয়োজন৷ পুত্ৰৰ চিকিৎসাৰ বাবে ধন বিচাৰি দিক বিদিক হেৰুৱাই পেলাইছে দূৰ্ভগীয়া পিতৃ-মাতৃয়ে৷ চকুপানী টুকি ছাত্ৰজনৰ মাতৃৰ কাতৰ আহ্বান চৰকাৰ তথা ৰাইজলৈ৷ মেধাৱী ছাত্ৰজনৰ জীৱন ৰক্ষাৰ বাবে বৰ্তমান পৰিয়ালক প্ৰয়োজন সহায়ৰ।

কোনো লোকৰ সহায় নাপালে কলিতেই মৰহি যাব উঠি অহা এজন মেধাৱী ছাত্ৰ৷ ছাত্ৰজনক কোনো সদাশয় লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ কামপুৰ শাখাৰ SBIN0011608 নম্বৰৰ IFSC আৰু একাউন্ট নম্বৰ 31844014683ত সাহাৰ্য আগবঢ়াব পাৰিব৷ ইফালে কোনো লোকে সহায় কৰিব বিচাৰিলে পৰিয়ালৰ সৈতে ৯৯৫৪৯৭৮৪৬৮ অথবা ৮৬৩৮৭৮৪৫২৫ নম্বৰত যোগাযোগ কৰিব পাৰিব৷