অসম

ভক্তিৰসত বুৰ গৈছে ঐতিহাসিক মাধৱ থান

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কামপুৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী মাধৱথানত অনুষ্ঠিত হোৱা সপ্তাহজোৰা ভাগৱত পাঠত অজস্ৰ জন ভক্তৰ সমাগম হোৱাত ভক্তিৰসত বুৰ গৈছে সমগ্ৰ অঞ্চল। উল্লেখ্য যে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি ভাগৱত শ্ৰৱন-কীৰ্তনৰ যোগেদি মানৱ সমাজৰ নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জ্ঞান বিকাশৰ উদ্দেশ্য আগত ৰাখি বিগত ১৯জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ অনুস্থিত কৰিছে পঞ্চম বাৰ্ষিক সপ্তাহজোৰা ভাগৱত পাঠৰ।

ইতিমধ্যে এই ধৰ্মীয় অনুস্থানটোত উপস্থিত থাকি ভক্তিমাৰ্গত কিছু সময়ৰ বাবে বুৰ যোৱাৰ উদ্দেশ্য আগত ৰাখি প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে।