অসম

কামপুৰত বালি মাফিয়াৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ কামপুৰত গঢ়ি উঠা বালি চিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰিছে অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদে । পৰিষদৰ সভাপতি ৰুবুল দাসে বালি মাফিয়াৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা লব নোৱাৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

উল্লেখ্য যে কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ বিভিন্ন এলেকাত বালি মাফিয়াই তাণ্ডৱ চলাই আহিছে । বিশেষ কামপুৰৰ বৰপানী আৰু কপিলী নৈত মেচিনৰে বালি তোলাৰ ফলত দুয়োখন নদীৰ প্ৰাকৃতিক ভাৰসাম্যলৈ গভীৰ সংকট নামি আহিছে । কপিলী নৈত কাকতিগাওঁ, মাগুৰগাওঁ বকুলগুৰিত ৫০ ৰো অধিক মেচিনৰে বালি সংগ্ৰহ কৰি থকাৰ পিছটো বনবিভাগে পদক্ষেপ হাতত পৰা নাই বুলি মন্তব্য কৰে যুৱ নেতাজনে ।

ৰুবুল দাসে ইয়োকো কয় যে মেচিনৰে বালি তুলাৰ অভিযোগ উঠিলে বন বিভাগে অভিযান চলাই যদিও ৰহস্যজনকভাৱে বন বিভাগৰলোক উপস্থিত হোৱাৰ আগতেই অন্তৰ্ধান হয় বালি তোলা মেচিনবোৰ । এইক্ষেত্ৰত বালিমাফিয়াৰে কামপুৰৰ বন বিষয়া বিনোদ বিহাৰী সিংৰ গোপন সম্পৰ্ক থকা বুলি কয় ৰুবুল দাসে ।

ইফালে একেখন চালানতে কেইবাৰো বালি নিয়া আৰু বনবিভাগৰ নিয়ম উলংঘা কৰি বালি ট্ৰাকবোৰত অধিক পৰিমানে বালি কঢ়িয়াই নিয়া বুলি অভিযোগ কৰে ৰুবুল দাসে ।বন বিভাগৰ নীতি নিয়ম উলংঘা কৰি অধিক ট্ৰাকত অধিক পৰিমানে বালি কঢ়িওৱাৰ ফলত বহু গ্ৰাম্য অঞ্চলৰ পথ ভাঙি চূৰমাৰ হৈছে ।যাৰবাবে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে গ্ৰামাঞ্চলৰ লোক সকল ।

কিন্ত এইবোৰ দেখিও বন বিষয়া গৰাকীয়ে নেদেখা ভাও ধৰা অভিযোগ কৰিছে ৰুবল দাসে ।বনবিভাগত চলি থকা বালিচেণ্ডিকেটত বনবিভাগৰ কামপুৰৰ বনবিভাগৰ বিষয়াগৰাকীৰ পৰা বনমন্ত্ৰী জনলৈকে জড়িত থকাৰ অভিযোগ কৰিছে ৰুবুল দাসে । তেওঁ কামপুৰত চলি থকা এই বালি চিণ্ডিকেট এক উচিত তদন্ত দাবী কৰে ।