অসম

কপিলী নদীৰ অবৈধ বালি মহলৰ কমিচনৰ ধন যায় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যলৈঃ অনুসূচীত জাতিৰ যুৱ ছাত্ৰ পৰিষদৰ সভাপতিৰ বিস্ফোৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত গঢ়ি উঠা বালিচেণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দিছে অনুসূচীত জাতিৰ যুৱ ছাত্ৰ পৰিষদে ।পৰিষদৰ সভাপতি ৰুবুল দাসে বালি মাফিয়াৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা লব নোৱাৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

উল্লেখ্য যে কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ বিভিন্ন এলেকাত বালি মাফিয়াই তাণ্ডৱ চলাই আহিছে ।বিশেষ কামপুৰৰ বৰপানী আৰু কপিলী নৈত মেচিনৰে বালিতোলা ফলত দুয়োখন নদীৰ প্ৰাকৃতিক ভাৰসাম্যলৈ গভীৰ সংকত নামি আহিছে ।কপিলী নৈত কাকতিগাওঁ ;মাগুৰগাওঁ বকুলগুৰিত পঞ্চাচৰো অধিক মেচিনৰে বালি সংগ্ৰহ কৰি থকাৰ পিছটো বনবিভাগে পদক্ষেপ হাতত পৰা নাই বুলি মন্তব্য কৰে যুৱ নেতাজনে ।

ৰুবুল দাসে ইয়োকো কয় যে মেচিনৰে বালি তুলাৰ অভিযোগ উঠিলে বন বিভাগে অভিযান চলাই যদিও ৰহস্য জনক ভাৱে বনবিভাগৰলোক উপস্থিত হোৱাৰ আগতেই অন্তৰ্ধান হয় বালি তুলাৰ মেচিনবোৰ । এইক্ষেত্ৰত বালিমাফিয়াৰে কামপুৰৰ বন বিষয়া বিনোদ বিহাৰী সিংৰ গোপন সম্পৰ্ক থকা বুলি কয় ৰুবুল দাসে ।

ইফালে একেখন চালানতে কেইবাৰো বালি নিয়া আৰু বনবিভাগৰ নিয়ম উলংঘা কৰি বালি ট্ৰাকবোৰত অধিক পৰিমানে বালি কঢ়িয়াই নিয়া বুলি অভিযোগ কৰে ৰুবুল দাসে ।বনবিভাগৰ নীতি নিয়ম উলংঘা কৰি অধিক ট্ৰাকত অধিক পৰিমানে বালি কঢ়িওৱাৰ ফলত বহুগ্ৰাম্য অঞ্চলৰ পথ ভাঙি চুৰমাৰ হৈছে ।যাৰবাবে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে গ্ৰাম্যঅঞ্চলৰ লোক সকল ।

কিন্ত এইবোৰ দেখিও বন বিষয়া গৰাকীয়ে নেদেখা ভাও ধৰা অভিযোগ কৰিছে ৰুবল দাসে ।বনবিভাগত চলি থকা বালিচেণ্ডিকেটত বনবিভাগৰ কামপুৰৰ বনবিভাগৰ বিষয়াগৰাকীৰ পৰা্ বনমন্ত্ৰী জনলৈকে জড়িত থকাৰ অভিযোগ কৰিছে ৰুবুল দাসে ।তেওঁ কামপুৰত চলি থকা এই বালি চেণ্ডিকেট ৰাজৰ এক উচিত তদন্ত দাবী কৰে ।