অসম

পৃথক কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী সকলৰ আজন্ম দাবী পৃথক কমতাপুৰ ৰাজ্য ঘোষণা আৰু  জনজাতিকৰণৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰাটো জনগোষ্ঠীটোৰ নাৰ্য্য প্ৰাপ্য অধিকাৰ। সাংবিধানিক প্ৰাপ্য স্বৰূপ এই দুই নাৰ্য্য দাবীৰ সমৰ্থনত সুদীর্ঘ কাল ধৰি জনগোষ্ঠীটোৰ সংগ্ৰামী ছাত্ৰ সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ "আক্ৰাছু"ৱে  সুদীর্ঘদিন ধৰি অব্যাহত ৰাখি আহিছে  গণতান্ত্ৰিক সংগ্ৰাম। সাব্যস্ত কৰি আহিছে স্বাধীকাৰ প্ৰাপ্তিৰ স্বাৰ্থত নিৰবিছিন্ন সংগ্ৰাম।

মঙলবাৰেও সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত ঢকুৱাখনা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত এই দাবীৰ সমৰ্থনত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত। মহকুমাধিপতি গুৰনেইল সিঙৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ঢকুৱাখনা জিলা আক্ৰাছুৱে।

মঙলবাৰে জিলা সমিতিৰ সম্পাদক মানস প্ৰতিম কোচ, সহকাৰী সম্পাদক বিকাশ কোচ, সাংগঠনিক সম্পাদক ৰূপম কোচ আৰু প্ৰচাৰ সম্পাদক উলেন কোচৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰকপত্ৰ প্ৰদান কৰি নৃগোষ্ঠীয় জনগোষ্ঠীটোৰ এই দুই মুখ্য দাবী তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। অন্যথাই অনাগত সময়ত এই স্বাধীকাৰ প্ৰাপ্তিৰ গণতান্ত্ৰিক সংগ্ৰামখন অধিক জংগী আৰু তীব্রতৰ কৰি তোলাৰ অন্তিম সকীয়নী প্ৰদান কৰে ঢকুৱাখনা জিলা সমিতিয়ে।