অসম

৮ মাহৰ পাছত খোলা হ’ল কামাখ্যাৰ প্ৰৱেশ দ্বাৰ, ভক্তপ্ৰাণ ৰাইজৰ ভিৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা মহামাৰীৰ মাজতে দেওবাৰে পুৱা খোলা হ'ল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ। ভক্তপ্ৰাণ ৰাইজে পুৱাৰ পৰা ভিৰ কৰিছেহি মন্দিৰ দৰ্শনৰ বাবে। মা কামাখ্যাৰ আশীষ ল'বলৈ বিভিন্ন স্থানৰ পৰা আহিছে ভক্তপ্ৰাণ ৰাইজ।

উল্লেখ্য যে, দেওবাৰে পুৱা ৮ বজাৰ পৰা খোলা হৈছে কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ। কিন্তু মন্দিৰৰ মুল দুৱাৰ বন্ধ থাকিব। প্ৰায় ৮মাহৰ পাছত ভক্তৰ বাবে মুকলি কৰা হ'ল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ। শনিবাৰে দেৱালয় পৰিচালনা সমিতিয়ে মন্দিৰৰ প্ৰৱেশ দ্বাৰ খোলাৰ কথা সদৰী কৰিছিল।

অৱশ্যে মন্দিৰৰ প্ৰৱেশ দ্বাৰ খোলাৰ লগতে কোৰোনা সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ কঠোৰ নীতি-নিয়মো বান্ধি দিয়া হৈছে। স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত চিকিৎসা শিবিৰত ভক্তসকলে কোভিড ১৯ৰ ৰেপিড এণ্টিজেন টেষ্ট কৰোৱা হৈছে ভক্তসকলৰ।