অসম

কাজিৰঙাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা

Asomiya Pratidin

ডিজিটেল সংবাদ, কঠীয়াতলীঃ মনোনয়ন পত্ৰ দাখিল কৰিয়েই নিৰ্বাচনী ৰণডংকাত নামিল ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷ বৃহস্পতিবাৰে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ, কন্দলি চাহ বাগিছা আৰু কামপুৰ তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

বিধায়ক জিতু গোস্বামীক লগত লৈ বিজেপি চৰকাৰৰ উন্নয়নৰ শ্ল'গান দি আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ পৰা ভোট বিচাৰে প্ৰাৰ্থী গৰাকীয়ে ৷ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ৰাইজক বিজেপি দলক ভোট দিবলৈ আহ্বান জনায় বিধায়ক জিতু গোস্বামীয়ে ৷

আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সমষ্টি ৰাইজৰ লগত ১০০ শতাংশ থাকিব নোৱাৰিলেও বিভিন্ন দুৰ্যোগত ৰাইজৰ লগত থাকিম বুলি মন্তব্য কৰে ৷ ইফালে ৰকিবুল হুছেইন আৰু বদৰ উদ্দিন আজমলৰ সমালোচনা কৰি বিজেপিৰ সৈতে AIUDF ৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে ৷ এই তিনিওখন সভাতে কেইবা শতাধিক বিজেপি কৰ্মী উপস্থিত থাকে ৷