অসম

মুখ খুলি নক’লেও বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা!

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত কোনো সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব নকৰে কামাখ্যা প্ৰসাদ তাছাই । তেজপুৰ সমষ্টিৰ পৰা তেওঁৰ নাম চৰ্চালৈ আহিছিল বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাশ পাইছিল যদিও, তেজপুৰৰ বৰ্তমানৰ সাংসদগৰাকীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত কোনো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা স্পষ্ট কৰি দিছে।

ফেচবুকত নিশা ২ বজাত এক পোষ্টযোগে কামাখ্যা প্ৰসাদ তাছাই উল্লেখ কৰিছে- যোৰহাট লোকসভা সমষ্টিত তেওঁ ৫ বছৰ সাংসদ হৈ থাকিলে। এই সময়চোৱাত তেওঁ সামৰ্থ্য অনুসৰি যি পাৰিলে কৰিলে। তাতো যদি কিবা ভুল আছে তেন্তে সেয়া নিজৰ বুলি ভাবি ক্ষমা কৰিবলৈ অনুৰোধ জনায়। ব্যক্তিগত কাৰণত নিৰ্বাচনৰ পৰা দূৰত থকাৰ কথা উল্লেখ কৰিছে সাংসদগৰাকীয়ে।

অৱশ্যে তেওঁ সমষ্টিটোত কৰিব লগা বহু কাম আধৰুৱা হৈ ৰ'ল বুলিও লিখিছে। সমষ্টিটোৰ বাবে তেওঁৰ বহু সপোন থকা বুলি উল্লেখ কৰি সেই কাম তপন গগৈয়ে সম্পূৰ্ণ কৰিব বুলি তেওঁ আশাবাদী বুলি মন্তব্য কৰিছে তাছাই। প্ৰত্যক্ষভাৱে নক'লেও এই পোষ্টযোগে কামাখ্যা প্ৰসাদ তাছাই টিকট নোপোৱা বুলি নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

বিশেষকৈ সমষ্টিটোক লৈ তেওঁৰ বহু সপোন থকা কথা আৰু কিছু কাম সময়ৰ অভাৱত আধৰুৱা হৈ ৰোৱা বুলি কৰা মন্তব্যই বহু কথাৰ ইংগিত দি গৈছে। সাংসদ হৈ নাথাকিলেও তেওঁ দলীয় কৰ্মী হিচাপে কাম কৰি যাব বুলিও জনাইছে তাছাই।