অসম

মনিষা হাজৰিকাই ক’লে, আজি আকৌ ভূপেনদাক হেৰুওৱাৰ দৰে লাগিছে…

asomiyapratidin

ডিজিটেল ডেস্কঃ কল্পনা লাজমীৰ বিয়োগৰ খবৰে অসমতো সুধাকণ্ঠৰ গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পেলাইছে। ইতিমধ্যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ মুম্বাইলৈ ৰাওনা হৈছে ময়ুখ হাজৰিকা। আজিয়েই কল্পনা লাজমীৰ অন্ত্যেষ্টিক্ৰিয়া মুম্বাইত সম্পন্ন হ'ব। ইতিমধ্যে তেওঁৰ পৰিয়ালৰ লোকসকল আহি মুম্বাইত গোট খাইছেহি। অসমৰ পৰাও কল্পনা লাজমীৰ মৃত্যুৰ খবৰ পাই মুম্বাইমুখী হৈছে মনিষা হাজৰিকা আৰু মঞ্জুলা হাজৰিকা। দেওঁবাৰে এই খবৰ লাভ কৰাৰ পাছতেই শোকত ভাগি পৰে মনিষা হাজৰিকা।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক মনিষা হাজৰিকাই জনায়- মোৰ আজি আকৌ এবাৰ ভূপেনদাক হেৰুওৱাৰ দৰে লাগিছে। আমাৰ মাজত দীৰ্ঘদিন ধৰি ভাল বন্ধুত্ব আছিল। সকলো কথাই আমি শ্বেয়াৰ কৰিছিলো। তেওঁ নিৰ্মাণ কৰা 'লুহিত কিনাৰে'ৰ সৈতে মই জড়িত আছিলো। শেষ সময়ত ভূপেন হাজৰিকা অসুস্থ হৈ পৰোতে তেওঁ বৰ সেৱা-যতন লৈছিল। মুম্বাইৰ কোকিলাবেনত আমি সকলোৱে মিলি ভূপেন হাজৰিকাক সেৱা-উৎসৰ্গা কৰিছিলো। বহু স্মৃতিয়েই জড়িত হৈ আছে। আজি কল্পনা লাজমী নথকা হ'লে ভূপেন হাজৰিকাৰ সংগ্ৰহালয় নহ'লহেঁতেন। তেওঁৰ ভূপেনদাৰ প্ৰতিটো বস্তু বৰ সযতনেৰে সাচি থৈছিল। কেতিয়াবা তেওঁক ভূপেন হাজৰিকাক খং কৰিছিল এইবোৰ বস্তু ভালদৰে নৰখাৰ বাবে। ব্যক্তিগতভাৱে ভাল বান্ধবী এগৰাকীক হেৰুৱালো।

ইফালে, কল্পনা লাজমীৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাৰ সৈতে যোগাযোগ কৰা হৈছিল। সমৰ হাজৰিকাই জনালে- কল্পনা লাজমী অসুস্থ হৈ থকা বুলি তেওঁ শুনিছিল, আজি পুৱাই মৃত্যুৰ খবৰ পাইছে।লগত লাজমীৰ আত্মাৰ সদগতি কামনা কৰে।