অসম

কালিয়নী নৈত দুৰ্বৃত্তই দিলে বিহ, মৃত্যু মুখত মাছ-কাছ

asomiyapratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ বালিপ্ৰধান নদী কালিয়নীত দুৰ্বৃত্তই ১৮ জানুৱাৰীত বিহ দিয়াৰ ফলত বহুতো মাছ কাছ মৃত্যু মুখত পৰে।যাৰ বাবে কালীয়নী নদীত মৰা মাছ ওপঙি থকাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৃত মাছ উভৈনদী হোৱাত মাছ ধৰাত যথেষ্ট ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায়।

২৪ ঘন্টা পাৰ হৈ যোৱা পাছতো মীন বিভাগটোৱে মৌনতা অৱলম্বন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এনেকৈয়ে প্ৰকৃতিৰ পৰা লুপ্তপ্রায় হৈছে বহু থলুৱা মাছ-কাছ। বিভাগৰ এনে মৌনতাক গৰিহণা দিছে স্থানীয় ৰাইজে।