অসম

কলগাছিয়াত ভূমিকেন্দ্ৰিক বিবাদত আহত ৮

asomiyapratidin

ডিজিটেল সংবাদ, কলগাছিয়াঃ বৰপেটাৰ কলগাছিয়াত সংঘটিত ভূমিকেন্দ্ৰিক বিবাদত আহত হয় ৮জনকৈ লোক। এই আটাইকেজন বৰ্তমান চিকিৎসাধীন হৈ আছে।

ঘটনাৰ বিৱৰণী মতে, আব্দুল ৰহমান নামৰ লোক এজনে ৪০ বছৰ ধৰি ৩.৫বিঘা মাটিত খেতি কৰি আছিল। এইবাৰো খেতি কৰিবলৈ ধৰোতেই মাটিখিনি নচেৰ আলী আৰু আয়নাল হকে নিজৰ মাটি বুলি বেদখলৰ চেষ্টা চলায়।

এই সন্দৰ্ভত আজি বিষয়টো নিষ্পত্তিৰ বাবে আয়োজন কৰা এখন ৰাইজ মেল চলি থকা সময়তে নচেৰ আলী আৰু আয়নাল হকে আব্দুল ৰহমানৰ পৰিয়ালৰ ওপৰত দা-ৰ'ড লৈ আক্ৰমণ চলায়। এই  আক্ৰমণত আব্দুল ৰহমানৰ পৰিয়ালৰ ৮জনকৈ সদস্য আহত হয়। ইয়াৰে ৪জনৰ অৱস্থা অতি সংকটজনক।