kalakhetra
kalakhetra 
অসম

২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ কলাক্ষেত্ৰত শিশু বিজ্ঞান প্ৰদৰ্শনী...

Asomiya Pratidin

ডিজিটেল ডেস্ক : মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অহা ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ ৪৯ সংখ্যক ৰাষ্ট্রীয় শিশু বৈজ্ঞানিক প্রদৰ্শনী সমাৰোহৰ আয়োজন কৰা হৈছে। কলাক্ষেত্রত চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে এই প্রদৰ্শনী অনুষ্ঠানৰ। উল্লেখ্য যে নতুন দিল্লীৰ ৰাষ্ট্রীয় শৈক্ষিক অনুসন্ধান আৰু প্রশিক্ষণ পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছে এই বিজ্ঞান প্ৰদৰ্শনীৰ।

এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনী অনুষ্ঠানটিত সহযোগ আগবঢ়াইছে অসম চৰকাৰৰ শিক্ষা বিভাগে। এই প্রদৰ্শনীত দেশৰ ২৪খন ৰাজ্যৰ প্রায় ৪০০গৰাকী ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিব। ইয়াৰ লগতে অসমৰ ১৯ টা গ্রুপে প্রদৰ্শনীত অংশগ্রহণ কৰিব। ছাত্র-ছাত্রীৰ উপৰিও শিশু বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু কেইবাগৰাকী সমল ব্যক্তিয়ে কৰিব অংশগ্রহণ এই বিজ্ঞান প্ৰদৰ্শনী মেলাত।

উল্লেখ্য যে শুভাৰম্ভণি অনুষ্ঠানত থাকিব ৰাজ্যপাল জগদীশ মুখী। লগতে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্রী ৰণোজ পেগু। এই কথা দেওবাৰে এক সংবাদমেলযোগে ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।