অসম

কাকপথাৰত আৱদ্ধ শিশুসহ ৩৫ সন্দেহযুক্ত বাংলাদেশী নাগৰিক

asomiyapratidin

ডিজিটেল সংবাদ, পেঙেৰীঃ তিনিচুকীয়াৰ কাকপথাৰত আৱদ্ধ শিশু, মহিলাসহ ৩৫ গৰাকীকৈ সন্দেহ যুক্ত বালাংদেশী নাগৰিক৷ স্থানীয় ৰাইজৰ সহযোগত আটক কৰি কাকপথাৰৰ আৰক্ষীয়ে সোধ-পোচ কৰি আছে ধৃত লোকসকলক৷

নিজকে ত্ৰিপুৰা আৰু মৰিগাঁৱৰ বাসিন্দা বুলি চিনাকী দিয়া লোকসকলে অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ বুলি যাবলৈ প্ৰস্তুত হোৱাৰ কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে৷ লোকসকলৰ প্ৰকৃত নাগৰিকত্ব সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে৷