অসম

বিশ্ব পৰিবেশ দিৱসত কাছাৰত ১০ লাখ গছপুলি ৰোপনৰ কৰিব মুখ্যমন্ত্ৰী সোণোৱালে…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্য চৰকাৰে এইবাৰ কেন্দ্ৰীয়ভাবে শিলচৰত পালন কৰিব বিশ্ব পৰিবেশ দিৱস৷ এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকিব৷

বৃহস্পতিবাৰে নিজৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে কাছাৰৰ উপায়ুক্ত শ্ৰীমতী লায়া মাদ্দুৰীয়ে ৷ দিনজোৰা কাৰ্যসূচীৰে পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিতব্য বিশ্ব পৰিবেশ দিৱস উপলক্ষে মূখ্যমন্ত্ৰীয়ে কাছাৰত ১০ লাখ গছপুলি ৰোপনৰ উদ্ধোধন কৰিব বুলিও সদৰী কৰে উপায়ুক্ত গৰাকীয়ে৷

সংবাদ মেলত উপস্থিত থকা কাছাৰৰ ডিএফঅ' ছান্নিডেও চৌধুৰীয়ে কয় যে পুলিচ পেৰেড গ্ৰাউণ্ডত উক্ত দিনটোত ছাত্ৰছাত্ৰী সকলৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰস্তুত কৰা বিভিন্ন প্ৰজেক্টৰ প্ৰদৰ্শনীও প্ৰদৰ্শন কৰা হ'ব ৷