অসম

কাছাৰৰ উচ্ছেদিত ৮২ পৰিয়ালক পুনঃসংস্থাপনসহ উচ্ছেদ বন্ধৰ দাবীত বিক্ষোভ কৃষক মহাসভাৰ

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ যোৱা ৭ জুনত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টি ধলাইত বিৰাশীটা পৰিয়ালক বন বিভাগে উচ্ছদ কৰাৰ প্ৰতিবাদত বুধবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে সহস্ৰাধিক লোকে ৷
ধলাইৰ হাৱাইথাং ৰেঞ্জাৰৰ কাৰ্যলয়ৰ সন্মুখত আয়োজিত এই বিক্ষোভ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সদৌ ভাৰত কৃষক মহা সভাই ৷ কৃষক মহা সভাৰ কাছাৰ জিলাৰ নেতৃবৰ্গৰ লগতে ৰজনীখালত উচ্ছেদ কৰা গৃহহীন ৫ শতাধিক লোক সহ কেবাখনো চাহ বাগিছাৰ শ্ৰমিক আৰু কৃষক মজদুৰে বিক্ষোভত অংশগ্ৰহণ কৰে ৷

উচ্ছেদ অভিযান বন্ধ কৰা, উচ্ছেদিত লোক সকলক উপযুক্ত ক্ষতিপুৰণ সহ পুনঃসংস্থাপন কৰা সংৰক্ষিত বনাঞ্চলত বনজ সম্পদৰ চোৰাং কাৰবাৰ বন্ধ কৰাৰ দাবীত শ্লগান দিয়ে বিক্ষোভকাৰী সকলে ৷ বিক্ষোভস্থলীত ভাষণ দি বাওপন্থীনেতা তথা কৃষক মহা সভাৰ জিলা সভাপতি ৰেজামন্দ আলিয়ে উচ্ছেদৰ তীব্ৰ বিৰেোধীতা কৰি কয় যে বিগত ৪০-৫০ বছৰ ধৰি ৰজনীখালৰ বনাঞ্চলত বসবাস কৰা লোক সকলৰ কিছুমানক স্হানীয় বিধায়ক তথা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইন্দিৰা গৃহ, বিদ্যুত, ৰেচনকাৰ্ড সহ অন্যান্য চৰকাৰী সুবিধান প্ৰদান কৰাৰ পিচতো এই লোক সকল কেনেকৈ অবৈধ বসবাসকাৰী হল বুলিও প্ৰশ্ন কৰে কৃষক নেতা জনে ৷

ইফালে, বিক্ষোভৰ শেষত উপৰোক্ত দাবী সম্বলিত এক ষ্মাৰক পত্ৰ ৰেঞ্জাৰৰ জৰিয়তে কাছাৰৰ ডি এফ ও ৰ উদ্দেশে প্ৰদান কৰা হয় ৷ অহা 15 জুনত পুনৰ একে দাবীত উপায়ুক্ত আৰু ডি এফও ৰ কাৰ্যলয়ত বিক্ষোভ প্ৰদৰ্শন কৰিব কৃষক মহা সভাই ৷