অসম

ৰাষ্ট্ৰীয় যুৱ এৱাৰ্ডৰ বাবে নিৰ্বাচিত কাছাৰৰ কৃষ্ণ মোহন সিংহ…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ সাহিত্য চৰ্চা আৰু সমাজৰ প্ৰতি আগবঢ়োৱা বিশেষ অৰিহনাৰ বাবে ২০১৬-১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰষ্কাৰৰ বাবে নিৰ্বাছিত হৈছে কাছাৰ জিলাৰ এজন উদীয়মান যুৱক ৷ লক্ষীপুৰ সমষ্টিৰ ডাবংপুৰ- ছিংডংলেকাই গাৱঁৰ ২৫ বছৰীয়া কৃষ্ণ মোহন সিংহক কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে এই পুৰষ্কাৰৰ বাবে এই বছৰ নিৰ্বাচিত কৰে ৷

অহা ১২ আগষ্টৰ দিনা ৰাজধানী নতুন দিল্লীত এই পুৰষ্কাৰ প্ৰদান কৰিব ৰাষ্ট্ৰপতি নাইবা প্ৰধান মন্ত্ৰীয়ে । অসমৰ মোহনক এই পুৰষ্কাৰৰ বাবে নিৰ্বাচিত কৰা বুলি সোমবাৰে পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে ৷ সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা দেশৰ ২৫ গৰাকী যুৱকৰ ভিতৰত অসমৰ পৰা একমাত্ৰ কৃষ্ণ মোহন সিংহকে নিৰ্বাচিত কৰে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে ৷

উল্লেখ্য যে স্নাতক উত্তীৰ্ণ অতি দুখীয়া পৰিয়ালৰ কৃষ্ণ মোহনে ছাত্ৰৱস্থাৰ পৰাই সমাজ সেৱাৰ কামত ব্ৰতী হয় ৷ বিশেষকৈ, নিৰক্ষৰ লোক সকলক স্বাক্ষৰ কৰা, ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি সমাজৰ যুৱ চামক এই মাৰাত্মক ব্যাধি বিধৰ পৰা ৰক্ষা কৰা আদি কাৰ্যত নিজকে নিয়োজিত কৰি আহিছে ৷ তদুপৰি, বাল্য বিবাহ, ডাইনী, কু সংস্কাৰ আদি সমাজৰ পৰা বিলুপ্ত কৰাৰ লগতে সমাজৰ নিৰ্যাতিত, বঞ্চিত লোক সকলক তেওঁলোকৰ অধিকাৰ সন্দৰ্ভত সজাগ কৰা আদি বিষয়ৰ ওপৰত গাৱেঁ গাৱেঁ গৈ প্ৰচাৰ চলাই আহিছে উদীয়মান যুৱক জনে ৷

ইয়াৰোপৰি, পিচ পৰা চাহ জনগোষ্ঠী সকলৰ উন্নয়ণৰ ক্ষেত্ৰত তেওঁলোকক সজাগ কৰা কামো কৰি আহিছে কৃষ্ণ মোহন সিংহই ৷ বিভিন্ন সমাজ সেৱাৰ লগত জড়িত থকা এই গৰাকী যুৱকে ২০১৫ চনত "কেল্লাবা উনাগী ঈশৈ " মনিপুৰী ভাষাত নামৰ এখন গ্ৰন্থও ৰচনা কৰিছে ৷ সমাজ সেৱাৰ জৰিয়তে নিজকে দেশবাসীৰ আগত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি ভাৰত চৰকাৰৰ যুৱ পুৰষ্কাৰৰ বাবে নিৰ্বাচিত হোৱা কৃষ্ণ মোহন সিংহক অভিনন্দন জনাইছে কাছাৰ বাসীয়ে ৷