অসম

কাছাৰত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস, এইবাৰ মৃত্যু হ’ল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যজুৰি ভয়াৱহ ৰূপ ধাৰন কৰা জাপানীজ এনকেফেলাইটিছৰ আতংক আজিও অব্যাহত আছে কাছাৰ জিলাত৷ চিকিৎসালয়ত চিকিৎসা চলি থকা সময়তে মঙলবাৰে এগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় কাছাৰ জিলাত৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা ৰোগী গৰাকীৰ নাম তেহলিনা আখতাৰ।

বাঁচকান্দিৰ নেনামিঞা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী গৰাকীক ৩১ জুলাইত ভৰ্তি কৰোৱা হৈছিল এছ এম চি হাস্পতালত৷ সংকটজনক অৱস্হাত চিকিৎসালয়লৈ নিয়া তেহলিনাক লগে লগে মেডিচিন বিভাগৰ 'আইচিইউ'ত ভৰ্তি কৰোৱা হয়৷ বিগত তেৰ দিন ধৰি চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি অৱশেষত মঙলবাৰে দিনৰ ডেৰ বজাত মৃত্যুৰ কোলাত ঢলি পৰে ওঠৰ বছৰীয়া ছাত্ৰী গৰাকী।

ৰোগীৰ চিকিৎসাৰ নামত বছৰি কোটি কোটি টকা ব্যয় কৰা ৰাজ্যৰ স্বাস্হ্য বিভাগে বচাব নোৱাৰিলে ছাত্ৰী গৰাকীক৷ তেহলিনা আখতাৰৰ মৃত্যুৰ পিচত এই বছৰ কাছাৰ জিলাত তিনি গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু হয়৷