অসম

কাছাৰ কলেজত তলা মাৰি বিক্ষোভ সৰ্বভাৰতীয় ছাত্ৰ সংগঠনৰ… VIDEO

asomiyapratidin

বেক পোৱা ছাত্ৰছাত্ৰীক বিনা মূলীয়া নামভৰ্তিৰ দাবীত

ডিজিটেল সংবাদ, শিলচৰঃ শিক্ষা বিভাগে বেক লগা ছাত্ৰ-ছাত্ৰী সকলক স্নাতক পৰ্যায়ত বিনামূলীয়া নামভৰ্তি বাতিল কৰাৰ প্ৰতিবাদ বুধবাৰেও অব্যাহত আছে শিলচৰত ৷এআইডিএছঅ' নামৰ সৰ্বভাৰতীয় ছাত্ৰ সংগঠনটোৱে ধাৰাবাহিকভাৱে সাব্যস্ত কৰা প্ৰতিবাদৰ অংশ হিচাপে বুধবাৰে কাছাৰ কলেজত বিক্ষোভ প্ৰদৰ্শন কৰে৷

কলেজৰ মুল প্ৰবেশদ্বাৰত তলা মাৰি কলেজৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ "অসম চৰকাৰ হায়-হায়, শিক্ষামন্ত্ৰী হায়-হায়, বেক পোৱা ছাত্ৰছাত্ৰী সকলৰ বিনামূলীয়া নামভৰ্তি বাতিল প্ৰত্যাহাৰ কৰক" আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰী সকলে৷

ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি নোহোৱা পৰ্যন্ত কলেজখনত বুধবাৰৰ পৰা আৰম্ভ হ'ব লগা নামভৰ্তি প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ কলেজ কৰ্তৃপক্ষক দাবী জনায়৷ অন্যথা ভৱিষ্যতে পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি ভাবুকি দিয়ে ছাত্ৰ-ছাত্ৰীসকলে ৷

ইফালে, কলেজত তলা মাৰি দিয়াৰ ফলত কলেজৰ শিক্ষক কৰ্মচাৰীসকল বাহিৰতে আৱদ্ধ হ'ব লগা হয় আৰু কলেজৰ সকলো কাম কাজ অচল হৈ পৰে৷ পিছত বিষয়টো নিষ্পতি কৰাৰ উদ্দেশ্যে উপায়ুক্তই শিলচৰৰ আটাইকেইখন কলেজৰ অধ্যক্ষ সকলক লৈ আবেলি এখন সভা আহ্বান কৰাৰ পিচতে বিক্ষোভ সাময়িকভাবে প্ৰত্যাহাৰ কৰে ছাত্ৰ সংগঠনটোৱে।