অসম

কবিতা ১৪১/মোৰ আই

Asomiya Pratidin

ভদ্ৰেশ্বৰ বড়ো

কেঁকুৰীটোত ভুমুকি মাৰি

ঢপলিয়াই আহিছিল নৈখন

নৈখন মোৰ আজন্মৰ চিনাকি

মাৰ গৰ্ভত থাকোতেই শিয়ঁৰি উঠিছিলো

কিযে অনুপম সেই সুশীতল অনুভূতি !!

নৈৰো চাগে খং উঠে কেতিয়াবা

যিদৰে খং উঠে মোৰ আইৰ

সেইবুলি নৈ’কতো বেয়া পাব নোৱাৰি

যিদৰে বেয়া পাব নোৱাৰি আপোন আইক

মোৰ আইৰ বুকুতো আছিল এখন নদী

দোভাগ নিশা নীৰৱে বৈ গৈছিল মূৰ শিতানেদি

জুপুকা মাৰি ৰোৱা আই এতিয়া

ৰূপালী চাদৰে দুপাৰ ঢকা

এখন তৰাং তন্বী নৈ !

আয়ে কান্দিলে আজিও নৈখন বৈ আহে

আইৰ বুকুৰ পৰা মোৰ বুকুলৈ অহৰহ

নৈ এখন বৈ আহে ৷